কলিয়াবৰ, 7 ছেপ্তেম্বৰঃ অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিচৰে পৰাই অব্য়াহত আছে প্ৰতিবাদ ৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সৰৱ হৈ পৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ পৰিষদ ৷
শনিবাৰে সংগঠনটোৰ নগাঁও জিলা শাখাৰ একাংশ কৰ্মীয়ে কলিয়াবৰ আমবাগানত এক সংবাদমেল অনুষ্ঠিত কৰে ৷ কলিয়াবৰত প্ৰায় এক লাখ লোকৰ মাত্ৰ ওঠৰ হাজাৰ লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হয় ৷ এইক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ একাংশ বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ উচ্চতম ন্য়ায়ালয়ে শৰণাৰ্থী, প্ৰব্ৰজন প্ৰমাণ-পত্ৰক নথি হিচাপে গণ্য কৰিবলৈ নিৰ্দেশ দিছিল ৷ কিন্তু এই নীতিক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই অৱমাননা কৰাৰ অভিযোগ সংগঠনটোৰ ৷ উচ্চতম ন্য়ায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰা প্ৰতীক হাজেলাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ সংবাদ মেলত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকসকলক শীঘ্ৰেই নাগৰিকত্ব প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷