ETV Bharat / state

ৰহাত কংগ্ৰেছীক তুলাধুনা হিমন্তৰ

বিশাল জনসভাত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ "নিৰ্বাচনত পাছ কৰাটো বৰ টান । মেট্ৰিক পৰীক্ষা যিমান টান তাতোকৈ ৰাইজৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আৰু টান । এই পৰীক্ষাত এইবাৰ ৰাইজে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক বিপুল ভোটেৰে পাছ কৰাই নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰক।" ভাষণ প্ৰসংগত মন্তব্য কৰে মন্ত্ৰীজনে৷

author img

By

Published : Apr 11, 2019, 12:49 AM IST

ৰহাত কংগ্ৰেছীক তুলাধুনা হিমন্তৰ

ৰহা, 10 এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বুধবাৰে 10 নং নগাঁও সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰাথান প্ৰচাৰ চলায় ৷ সভাৰ অংশ হিচাপে ৰহা সমষ্টিৰ অন্তৰ্গত ৰহাৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ "নিৰ্বাচনত পাছ কৰাটো বৰ টান । মেট্ৰিক পৰীক্ষা যিমান টান তাতোকৈ ৰাইজৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আৰু টান । এই পৰীক্ষাত এইবাৰ ৰাইজে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক বিপুল ভোটেৰে পাছ কৰাই নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰক।" ভাষণ প্ৰসংগত মন্তব্য কৰে মন্ত্ৰীজনে৷

ৰহাত কংগ্ৰেছীক তুলাধুনা হিমন্তৰ

ইয়াৰোপৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰী গৰাকীয়ে কয় বিজেপি দলে দেশৰ কথা, দেশৰ সুৰক্ষাৰ কথা সৰ্বপ্ৰথমে চিন্তা কৰে । কাচবে ভাৰতত আহি এজন এজনকৈ লোকক গুলীয়াই হত্যা কৰিছিল । তেতিয়া দেশত আছিল কংগ্ৰেছৰ চৰকাৰ। কিন্তু সৌ সিদিনা পুলৱামাত চল্লিশজনকৈ ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ ওপৰতো পাকিস্তানী সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ বায়ু সেনাৰ দ্বাৰা আক্ৰমণ কৰা বুলিও ৰোমন্থন কৰাই মন্ত্ৰীজনে৷ ইয়াৰোপৰি সভাত চৰকাৰ খনৰ খতিয়ান দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে৷

ৰহা, 10 এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বুধবাৰে 10 নং নগাঁও সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰাথান প্ৰচাৰ চলায় ৷ সভাৰ অংশ হিচাপে ৰহা সমষ্টিৰ অন্তৰ্গত ৰহাৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ "নিৰ্বাচনত পাছ কৰাটো বৰ টান । মেট্ৰিক পৰীক্ষা যিমান টান তাতোকৈ ৰাইজৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আৰু টান । এই পৰীক্ষাত এইবাৰ ৰাইজে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক বিপুল ভোটেৰে পাছ কৰাই নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰক।" ভাষণ প্ৰসংগত মন্তব্য কৰে মন্ত্ৰীজনে৷

ৰহাত কংগ্ৰেছীক তুলাধুনা হিমন্তৰ

ইয়াৰোপৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰী গৰাকীয়ে কয় বিজেপি দলে দেশৰ কথা, দেশৰ সুৰক্ষাৰ কথা সৰ্বপ্ৰথমে চিন্তা কৰে । কাচবে ভাৰতত আহি এজন এজনকৈ লোকক গুলীয়াই হত্যা কৰিছিল । তেতিয়া দেশত আছিল কংগ্ৰেছৰ চৰকাৰ। কিন্তু সৌ সিদিনা পুলৱামাত চল্লিশজনকৈ ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ ওপৰতো পাকিস্তানী সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ বায়ু সেনাৰ দ্বাৰা আক্ৰমণ কৰা বুলিও ৰোমন্থন কৰাই মন্ত্ৰীজনে৷ ইয়াৰোপৰি সভাত চৰকাৰ খনৰ খতিয়ান দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে৷

Intro:ৰহাত বিজেপিৰ বিজয় সংকল্প সমাৰোহত কংগ্ৰেছক তুলাধুনা।

ৰহাত ৰূপক শৰ্মাৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথান প্ৰচাৰ ।Body:অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হব লগা লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়  নিৰ্বাচনৰ বাবে আজি ১০ নং নগাঁও সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ’ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰাথান প্ৰচাৰ চলাইছে ৷ ইয়াৰ অংশ হিচাপে ৰহা সমষ্টিৰ অন্তৰ্গত ৰহাৰ ক্ৰীড়া সন্হাৰ খেল পথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ ড৹ শৰ্মাই নিজৰ স্বভাৱ সুলভ ভাৱে নিজৰ ভাষণ প্ৰদিন কৰি লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত কয় যে, নিৰ্বাচনত পাছ কৰাটো বৰ টান । মেট্ৰিক পৰীক্ষা যিমান টান তাতোকৈ ৰাইজৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আৰু টান । এই পৰীক্ষাত এইবাৰ ৰাইজে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক বিপুল ভোটেৰে পাছ কৰাই  নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰক। নৰেন্দ্ৰ মোডী এনে এজন ব্যক্তি যি জনে ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰলৈ লৈ গৈছে। মোডী হ'ল ভাৰত বৰ্ষৰ স্বাভিমান, গৌৰৱ আৰু ভৱিষ্যতলৈ আৰু উচ্চ শিখৰলৈ লৈ যাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ৷ লগতে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰী গৰাকীয়ে আৰু কয় যে,বিজেপি দলে দেশৰ কথা, দেশৰ সুক্ষাৰ কথা সৰ্ব প্ৰথমে চিন্তা কৰে। কাচভ বুলি এজন পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত আহি এজন এজনকৈ লোকক গুলীয়াই হত্যা কৰিছিল। তেতিয়া দেশত আছিল কংগ্ৰেছৰ চৰকাৰ। কিন্তু সৌ সিদিনা পুলৱামাত চল্লিশজনকৈ ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ ওপৰতো পাকিস্তানী আতংকবাদী চলো আক্ৰমণৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰু বহি নাথাকিল। পাকিস্তানে ভাবিছিল ভাৰতে একো কৰিব নোৱাৰিব। কিন্তু পাকিস্তানৰ সীমাৰ ভিতৰত গৈ  ভাৰতৰ বায়ু সেনাই আক্ৰমণ কৰিলে আতংকবাদীৰ ঘাটি। আৰু ঘোষণা কৰিলে,যদি ইয়াৰ পিছতো আতংকবাদীয়ে আক্ৰমণ কৰে তেন্তে ইয়াৰ সুদে-মূলে সমুদায় খৰছৰ হিচাপো দিব লাগিব বুলি সতৰ্ক কৰি দিয়া ব্যক্তি জনেই হ'ল  নৰেন্দ্ৰ মোডী। লগতে বিগত কাৰ্যকালত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী ড৹ শৰ্মাই কয় যে,মোডীজীৰ বাবে  দেশৰ সকলো লোকে কেঁচা ঘৰৰ পৰিৱৰ্তে পকী ঘৰত থাকিবলৈ সুবিধা লাভ কৰিব।বিদ্যুতেই হওক,ৰন্ধন গেছেই হওক,পেঞ্চনেই হওক সকলো সুবিধা বিজেপি চৰকাৰৰ পৰাই লাভ কৰিছে বুলি মন্তব্য কৰি মোডীজীয়ে  অসম তথা ভাৰতক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছে বুলি কয়।অন্যহাতে মোডীজীৰ সুস্থ চিন্তাৰ বাবে অসমখনক বিদেশী তথা বেদখলকাৰী সকলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে বুলি কৈ পুনৰ কয় যে,বিজেপি চৰকাৰে বৰদোৱা,কাজিৰঙা বেদখল মুক্ত কৰি গঁড় হত্যা আদিও ৰোধ কৰিবলৈ সক্ষম হৈছে বুলি কয়।ইয়াৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক তুলাধুনা দি কয় যে, আগতে তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কৈছিল কিন্তু একমাত্ৰ পুত্ৰৰ মোহত অন্ধ হৈ অসমীয়া জাতিক পাহৰি আজমলৰে মিটিৰালি কৰিলে। কিন্তু বিজেপিয়ে শৰীৰত এক বিন্দু তেজ থকালৈকে আজমল আৰু ৰকিবুলৰ সৈতে সম্পৰ্ক নকৰে বুলি মন্তব্য কৰে। পুনৰ কংগ্ৰেছ দলক তুলাধুনা দি কয় যে কংগ্ৰেছ দলে কেৱল ধূতি লুঙি,সূতাৰ ৰাজনীতি কৰে। এনেকৈ ৰাজনীতি কৰি থাকিলে এটা দিনত কংগ্ৰেছৰ পতাকাখন হাত গুছি বেলেগ চিহ্নই ঠাই লব বুলি কটাক্ষ কৰে। কংগ্ৰেছৰ এনে সূতা,লুঙী ৰাজনীতিৰ বিপৰীতে বিকাশৰ গংগা বোৱাই অসমৰ উন্নতি কৰিবলৈ আগবাঢ়িছে বুলি কয়। পূৰ্বৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম, নামভৰ্তিকৰণ আদিৰ লগতে স্বাস্থ্যখণ্ডৰ বিভিন্ন আঁচনিৰ কথা কৈ সকলো জনসাধাৰণে সুবিধা লাভ কৰি আহিছে আৰু লাভ কৰিব বুলি মন্তব্য কৰে।তদুপৰি  পূৰ্বতে তৰুণ গগৈ চৰকাৰৰ দিনত মহিলা গোট সকলক পাঁচ হাজাৰ টকাকৈ দিয়া কথা উল্লেখ কৰি ই আচলতে অসমীয়া জীয়ৰী বোৱাৰী সকলক তেঁও ঠগিলে বুলি কৈ পাঁচ বছৰত প্ৰদান কৰা সেই অনুদান হিচাপ কৰিলে  এগৰাকী মহিলাৰ ভাগত প্ৰায় আঠটকাকৈ পৰিব বুলি কয় আৰু বিজেপি চৰকাৰে ইতিমধ্যে প্ৰদান কৰা আঁচনি মতে ভবিষ্যতলৈ  ডেৰলাখ টকা পৰ্যন্ত লাভ কৰিব বুলি কয়। কেৱল সেয়াই নহয়, ৰাজ্য চৰকাৰে গঠন কৰা প্ৰণাম আয়োগৰ দ্বাৰা সকলো পিতৃ-মাতৃয়ে চাকৰিয়াল পুত্ৰৰ পৰা সকাহ পাব বুলি কয়। ভাষণ প্ৰসংগত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈকো কটাক্ষ কৰি মাৰ্ঘেৰিটাত পৰাজয় হৈ নগাঁৱলৈ অহা এসময়ৰ মন্ত্ৰী গৰাকীক নগাঁৱৰ ভোটাৰে কলং, কপিলীত উটুৱাই দিব বুলি মন্তব্য কৰি নগাঁও কংগ্ৰেছ কৰ্মী সকল ১৮ তাৰিখলৈকে টোপনি মাৰিবলৈ আহ্বান জনাই বিজেপিৰ প্ৰাৰ্থী গৰাকীক ভোট দি জয় কৰাবলৈ আহ্বান জনাই। সভাত আদৰণি ভাষন আগবঢ়াই ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে আগন্তুক নিৰ্বাচনত বিজেপিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাক ৰহা সমষ্টিৰ পৰা লক্ষাধিক ভোট প্ৰদান কৰিব বুলি মন্তব্য প্ৰদান কৰে ৷ লগতে বিধায়ক গৰাকীয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰাৰ্থী গৰাকী স্হানীয় নোহোৱা হেতু জয়ী হোৱাৰ পাছত ৰাইজে লগ পাবৰ বাবে মাৰ্ঘেৰিটা যাব লগিয়া হব ৷ফলত সমষ্টিৰ ৰাইজে নিশ্চিত ভাবে কষ্টভোগ কৰিব লাগিব ৷ কিন্ত এই ভুল নগাঁও সমষ্টিৰ ৰাইজে নকৰে বুলি দাবী কৰে ৷ সেয়েহে নগাঁৱৰ প্ৰাৰ্থী গৰাকী বিজয় নিশ্চিত লগতে অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ চৈধ্য খন আসনতেই বিজয়ী হব বুলিও মন্তব্য কৰে ৷ইয়াৰ পাচতে নগাঁও সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই বিজেপি চৰকাৰে বিগত পাছ বছৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অসমৰ বিভিন্ন উন্নয়ন মূলক আচনি সমূহৰ সম্পৰ্কত কয় ৷ মোডী চৰকাৰৰ দিনত অসমৰ সকলো দিশতে উন্নয়ন হৈছে ৷ কংগ্ৰেছ চৰকাৰৰ ৫৫বছৰে অসমৰ বাবে কৰিব নোৱাৰা কাম সমূহ বিজেপিয়ে পাচ বছৰতে কৰিবলৈ সক্ষম হৈছে ৷সভাত  অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিকমন্ত্ৰী তথা নগৰ উন্নয়ন মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.