ETV Bharat / state

Assam Minority Sangram Parishad: মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ - সাংসদ বদৰুদ্দিন আজমল

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৷

Assam CM HBS
মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ
author img

By

Published : Jul 16, 2023, 8:50 PM IST

মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ

নগাঁও,16 জুলাই: মিঞা সম্প্ৰদায়ক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ । দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে । থানাত এজাহাৰ দাখিল কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সম্পাদক মোছাব্বিৰ আলী আহমেদে ৷

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ এজন সৰ্বনিম্ন মানসিকতাৰ মুখ্যমন্ত্ৰী আখ্যা দিয়ে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে মিঞা আৰু অসমীয়াৰ মাজত ভাগ ভাগ কৰি অসমখন ধ্বংস কৰিব বিচাৰিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ এজন সৰ্বনিম্ন মানসিকতাৰ মুখ্যমন্ত্ৰী ৷ তেওঁৰ নাম ইতিহাসত সোণালী আখৰেৰে এগৰাকী সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিচাপে লিখা থাকিব ৷ তেওঁ অসমৰ অভিভাৱক, কিন্তু এই ধৰণৰ মন্তব্য তেওঁ মুখত শোভা নাপায় ৷ তেওঁ যদি এজন মিঞা খেদি দেখুৱাক তাৰ পিচত কি অৱস্থা হ’ব অসমৰ তেতিয়া গম পাব ৷’’ এই দৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই ৷

আনহাতে সাংসদ বদৰুদ্দিন আজমলৰ সন্দৰ্ভতো কয়, ‘‘বুঢ়া শগুণ আজমল সংখ্যালঘুৰ অভিৱাবক নহয় ৷ তেওঁক আমি অভিভাৱক পতা নাই ৷ আজমলে বিজেপিৰ লগত গোপন মিতিৰালী ৰক্ষা কৰিছে ৷ সেয়ে যিকোনো মন্তব্য কৰি আহিছে ৷’’ সাংসদ আজমলক বিতৰ্কিত মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নেতা মোছাব্বিৰে ।

লগতে পঢ়ক:SI Junmoni Rabha Death Case: নগাঁও আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাক মাৰাথন জেৰা চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.