ETV Bharat / state

এহেজাৰ কিলোমিটাৰ খোজকাঢ়ি শিলগুৰিৰ পৰা নগাঁও পালেহি এগৰাকী ব্যক্তি

লক ডাউনৰ ফলত খোজ কাঢ়িয়েই সুস্থ শৰীৰে অসম পালেহি নগাঁৱৰ যাদৱ গগৈ ৷

An old man coming to Assam by 1000 KM walking distance
এহেজাৰ কিলোমিটাৰ খোজকাঢ়ি নগাওঁ পালেহি এগৰাকী ব্যক্তি
author img

By

Published : Apr 20, 2020, 4:12 PM IST

Updated : Apr 21, 2020, 3:14 PM IST

নগাঁও,20 এপ্ৰিলঃ অনাহৰে-অনিদ্ৰাই শিলিগুৰিৰ পৰা প্ৰায় এহেজাৰ কিলোমিটাৰ খোজকাঢ়ি অৱশেষত দেওবাৰে নিশা নগাঁৱত উপস্থিত হ'লহি যাদৱ গগৈ নামৰ 42 বছৰীয়া এগৰাকী ব্যক্তি ৷ নগাঁৱৰ গধৰীয়া গাঁৱৰ ব্যক্তিগৰাকীক নিশা নগাঁৱৰ ৰহাৰ ৰাজপথৰ সমীপৰ এটা পৰিত্যক্ত জিৰণিচ'ৰাৰ পৰা একে গাঁৱৰে একাংশ যুৱকে উদ্ধাৰ কৰি খবৰ দিয়ে আৰক্ষীক ৷ ইয়াৰ পিছতে 108 এম্বুলেঞ্চেৰে ব্যক্তিগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ ৷ সম্প্ৰতি কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগৰাকীক চিকিৎসালয়খনতে কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷

এহেজাৰ কিলোমিটাৰ খোজকাঢ়ি শিলগুৰিৰ পৰা নগাঁও পালেহি এগৰাকী ব্যক্তি

লগতে পঢ়কঃ লক ডাউনৰ সকলো খবৰ,ক’ত কি ঘটিল ?

Last Updated : Apr 21, 2020, 3:14 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.