ETV Bharat / state

আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীলৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা - ৯ জানুৱাৰীত অমূল্য মান্নাৰ মৃত্যুৰ দিন

আলোকচিত্ৰ শিল্পী তথা চলচিত্ৰ পৰিচালক অমূল্য মান্নাৰ স্মৃতিত প্ৰদান কৰি অহা অমূল্য মান্না আলোকচিত্ৰ বঁটা এইবেলি আগবঢ়োৱা হৈছে আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীলৈ (Amulya Manna Photography Award 2022) ৷ ১৯ জানুৱাৰীত অমূল্য মান্নাৰ মৃত্যুৰ দিনটোত প্ৰদান কৰা হ’ব এই বঁটা ৷

Amulya Manna Photography Award
সমীৰ চৌধুৰীলৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা
author img

By

Published : Jan 17, 2022, 5:56 PM IST

নগাঁও, 17 জানুৱাৰী : বিশিষ্ট আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীলৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা আগবঢ়োৱা হৈছে । প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী অমূল্য মান্না স্মৃতিৰক্ষা সমিতিয়ে নগাঁৱত এই কথা ঘোষণা কৰে (Amulya Manna Photography Award 2022) ।

২০২১ বৰ্ষত প্ৰথমবাৰৰ বাবে বিশিষ্ট আলোকচিত্ৰ শিল্পী তেজপুৰৰ নলিনী বৰুৱাক এই বঁটা প্ৰদান কৰা হৈছিল । এসময়ত অসমৰ ফটো সাংবাদিকতাৰ জগতত বিশেষ স্থান লাভ কৰা সমীৰ চৌধুৰীৰ আলোকচিত্ৰই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ।

উল্লেখ্য যে, অসমৰ সংস্কৃতিৰ মূল আধাৰস্বৰূপ জনজাতীয় কৃষ্টি-সংস্কৃতিৰ বহু চিত্ৰশিল্পী সমীৰ চৌধুৰীয়ে কেমেৰাত জীৱন্ত ৰূপত বন্দী কৰিছে ।

১৯ জানুৱাৰীত অসমৰ পুৰোধা আলোকচিত্ৰ শিল্পী তথা চলচিত্ৰ পৰিচালক অমূল্য মান্নাৰ মৃত্যু দিন । মহান শিল্পীজনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে অসমৰ কেইবাগৰাকী সংস্কৃতিৱান ব্যক্তিৰ উদ্যোগত ২০১৫ চনত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি গঠন কৰা হৈছিল ।

পৰৱৰ্তী সময়ত সমিতিৰ সিদ্ধান্তমৰ্মে তেখেতৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে একোগৰাকী আলোকচিত্ৰ শিল্পীক অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হয় । বঁটা প্ৰদান অনুষ্ঠান ১৯ জানুৱাৰীত নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী কল্লোলত বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব । অতিমাৰী ক'ভিড 19 ৰ প্ৰতি লক্ষ্য ৰাখি বঁটা প্ৰদান অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: আকৌ এবাৰ চৰকাৰীভাৱে উপেক্ষিত হ’ল বলাই ওজা; নাপালে শিল্পী পেঞ্চন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.