ETV Bharat / state

আজমলক লগত লোৱা দলে অসমৰ পৰা বাংলাদেশী খেদিব নোৱাৰে: অমিত শ্বাহ

গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাত আয়োজিত চৰকাৰী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বিৰোধী ৰাজনৈতিক দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে গৃহমন্ত্ৰী অমিত শ্বাহ । বদৰুদ্দিন আজমলক সমালোচনা কৰি আজমলক লগত লোৱা দলে অসমৰ পৰা বাংলাদেশী খেদিব নোৱাৰে বুলি মন্তব্য কৰে অমিত শ্বাহে ।

as_ngn_amit-shah-batadrava-visit_img_7203829
আজমলক লগত লোৱা দলে অসমৰ পৰা বাংলাদেশী খেদিব নোৱাৰে: অমিত শ্বাহ
author img

By

Published : Feb 26, 2021, 8:19 AM IST

নগাঁও, 26 ফেব্ৰুৱাৰী: আটকধুনীয়া হ'ব গুৰুজনাৰ জন্মস্থান । নিৰ্মাণ কৰা হ'ব ব্যয়বহুল প্ৰকল্প ৷ বৃহস্পতিবাৰে এই প্ৰকল্প নিৰ্মানৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণা ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব বটদ্ৰৱা প্ৰকল্প।

নিৰ্মাণকাৰ্য্য শুভাৰম্ভ কৰাৰ পূৰ্বে বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা আগবঢ়ায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । গুৰুজনাৰ পৱিত্ৰ জন্মভূমিত আয়োজিত চৰকাৰী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বিৰোধী ৰাজনৈতিক দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে গৃহমন্ত্ৰী অমিত শ্বাহ । বদৰুদ্দিন আজমলক সমালোচনা কৰি আজমলক লগত লোৱা দলে অসমৰ পৰা বাংলাদেশী খেদিব নোৱাৰে বুলি মন্তব্য কৰে অমিত শ্বাহে ।

কেৱল এয়াই নহয় আজমলক লগত লোৱা দলে অসমৰ গঁড় সুৰক্ষা কৰিব নোৱাৰে বুলিও নিজৰ ভাষণত মন্তব্য কৰে অমিত শ্বাহে । আনকি গুৰুজনাৰ পৱিত্ৰ ভূমিৰ পৰাই আন্দোলনকাৰীকো কটাক্ষ কৰিবলৈ নাপাহৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷ চৰকাৰী অনুষ্ঠানৰ পৰাই অসমত পুনৰ এবাৰ বিজেপি চৰকাৰ গঠন কৰিবলৈ উপস্থিত জনতাক আহ্বান জনায় অমিত শ্বাহে ।

লগতে পঢ়ক-মুকেশ আম্বানীৰ বাসগৃহৰ ওচৰত বিস্ফোৰক ভৰ্তি বাহন উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.