বঢ়মপুৰ,21 মাৰ্চঃ এইবাৰ আজমলক পাগল আখ্যা দিলে ৰহাৰ অগপ প্ৰাৰ্থী বিষ্ণু দাসে ৷ উল্লেখযোগ্য যে, কচুৱাৰ এখন জন সভাত হিমন্তক পাগলৰ লগত আখ্যা দিছিল আজমলে ৷ তাৰপিছতে উভতি ধৰি ৰহাৰ অগপ প্ৰাৰ্থী বিষ্ণু দাসে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ আহিবলৈ যোগ্যতা নাই আজমলৰ ৷ অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ যুগদ্ৰষ্টা আৰু অদ্বিতীয় ডঃ হিমন্ত বিশ্ব শৰ্মাক পাগলৰ আখ্যা দিয়াজনহে প্ৰকৃত পাগল ৷
ইপিনে, আজমলে জৰা-ফুকা কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ লগতে হু ইজ বদৰুদ্দিন বুলি কোৱা কংগ্ৰেছৰ পিঠিত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰিছে বুলি মন্তব্য কৰে ৰহাৰ অগপৰ প্ৰাৰ্থীগৰাকীয়ে ৷ দেওবাৰে ৰহা সমষ্টিৰ কচুৱাৰ বিভিন্ন স্থানত ৰাইজৰ লগত মত বিনিময় কৰি অগপ প্ৰাৰ্থী বিষ্ণু দাসে আজমলৰ এই অহংকাৰৰ প্ৰত্যুত্তৰ ৰাইজে ১ এপিলত দিব বুলি মন্তব্য কৰা দেখা যায় ৷
লগতে পঢ়কঃ নিৰ্বাচনী আচৰণ বিধি ভংগ: সৰ্থেবাৰীত ৭৩,১০০ টকা জব্দ