ETV Bharat / state

Dilapidated bamboo bridge : জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে উদঙাইছে তিনিজন বিধায়কৰ ব্যৰ্থতা - চামগুৰি সমষ্টিৰ বিধায়ক

উন্নয়নৰ ঢক-ঢোল বজোৱা বিজেপি চৰকাৰৰ দিনত পোহৰলৈ আহিছে উন্নয়নৰ ফোঁপোলা ছবি(Hollow pictures of development in Assam ৷ ৰাজ্য চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাইছে এখন জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে । ক’ত আছে এই বাঁহৰ সাঁকোখন ? সবিশেষ চাওক আমাৰ এই বাতৰিত ৷

Bamboo bridge
জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জ্বলাকলা খুৱাইছে ভৰাগুৰিবাসীক
author img

By

Published : Dec 17, 2021, 9:37 AM IST

চামগুৰি, 17 ডিচেম্বৰ : ৰাজ্যবাসীক সৰ্বাংগীন উন্নয়নৰ সপোন দেখুৱাই ৰাজপাটত বহিছিল বিজেপি চৰকাৰ (BJP formed government in Assam)৷ পৰিৱৰ্তনৰ কথা কৈছিল চৰকাৰখনে ৷ অসমত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালৰ অন্তত পুনৰ শাসনলৈ অহা দলটোৰ নেতৃত্ব ল’লে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিজেপিৰ মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি তৃণমূলৰ নেতা-কৰ্মীলৈকে সকলোৰে মুখত আখৈ ফুটা দি ফুটে উন্নয়নৰ কথা ৷ কিন্তু দাবী কৰা মতেই হৈছে নে উন্নয়ন !

ৰাজ্য চৰকাৰখনে সততে দাবী কৰা উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই ধৰিছে এডাল বিশেষ বাঁহৰ সাঁকোৱে (Dilapidated bamboo bridge in Samaguri)। জৰাজীৰ্ণ সাঁকোডালে সংযোগ কৰিছে চামগুৰি আৰু বঢ়মপুৰৰ দৰে অসমৰ দুটা লেখত ল'ব লগীয়া সমষ্টিক । চামগুৰিৰ ভৰাগুৰি আৰু বঢ়মপুৰৰ চাপানালাৰ নিকটৱৰ্তী পামবস্তিক সংযোগ কৰা এটা বিধ্বস্ত পথৰ ওপৰত আছে এই বিশেষ সাঁকোখন । এই সাঁকোখনে কেৱল চৰকাৰকেই নহয় তিনিজনকৈ বিধায়কৰ ব্যৰ্থতাকো উদঙাই দিছে ৷ তেওঁলোক ক্ৰমে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, বঢ়মপুৰৰ প্ৰাক্তন বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত আৰু বৰ্তমানৰ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী ৷

জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জ্বলাকলা খুৱাইছে ভৰাগুৰিবাসীক

এই সাঁকোৰে নিতৌ জীৱনটো হাতৰ মুঠিত লৈ পাৰা-পাৰ হ'ব লগীয়া হয় অজস্ৰজন । কিন্তু উন্নয়নৰ শ্ল’গান দিয়া কোনো এখন চৰকাৰৰে চকুত আজিও নপৰিল এই বিশেষ সাঁকোডাল ৷ যাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে গাঁওবাসী ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, সাঁকোডাল পাৰ হ'বলৈ গৈ বহু কেইটা সৰু-বৰ দুৰ্ঘটনাত পতিত হ'ব লগীয়া হৈছে অঞ্চলটোৰ বহু কেইজন লোক । বছৰ-বছৰ ধৰি ননৈৰ ওপৰত থকা এই বাঁহৰ সাঁকো (Bamboo bridge across Nonoi River)ডালৰ ঠাইত এখন কাঠৰ অথবা পকী দলং নিৰ্মাণ হ'লে ভৰাগুৰি, মিকিৰহাট, পুৰণিগুদাম আদি বৃহত্তৰ অঞ্চলৰ ৰাইজে অতি চমু পথেৰেই যাব পাৰিব চাপানালালৈ ।

আনকি কম খৰচতে কৃষক ৰাইজে চাপানালাৰ বিভিন্ন বজাৰলৈ সৰবৰাহ কৰিব পাৰিব কেঁচা কৃষিজাত সামগ্ৰীও । এই বৃহত্তৰ অঞ্চলটোৰ দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ বাবে স্থানীয় ৰাইজে বহুবাৰ চৰকাৰক আবেদন-নিবেদন কৰিছিল ৷ কিন্তু এই ক্ষেত্ৰত কোনো সদোত্তৰহে নাপালে অঞ্চলটোৰ ৰাইজে ৷

অভিযোগ অনুসৰি, এই সন্দৰ্ভত ভ্ৰূক্ষেপ নাই চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন (Samaguri MLA Rakibul Hussain) তথা বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী (Barhampur MLA Jitu Goswami)ৰ । নিজ নিজ সমষ্টিৰ সীমামূৰীয়া হোৱা বাবেই কোনো এগৰাকী বিধায়কে গুৰুত্ব দিয়া নাই এই সমস্যাটোৰ প্ৰতি ৷

উল্লেখযোগ্য যে, 2001 চনৰ পৰা চামগুৰি সমষ্টিৰ বিধায়ক হৈ আছে কংগ্ৰেছ চৰকাৰৰ দিনৰ প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইন ৷ একেদৰে প্ৰফুল্ল মহন্তয়ো বঢ়মপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ কালৰে পৰা 21’ৰ নিৰ্বাচনৰ পূৰ্বলৈকে বিধায়ক হৈয়ে থাকিল সমষ্টিটোত ৷ কিন্তু কাৰো সহানুভূতি আদায় কৰিব নোৱাৰিলে এই অঞ্চলটোৰ ৰাইজে ৷ যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ হস্তক্ষেপ বিচাৰিছে ভৰাগুৰিবাসীয়ে ।

লগতে পঢ়ক : বিকশিত অসমৰ অন্যতম নিদৰ্শন ৰঙিয়াৰ চিৰাখুন্দি-বিহাপাৰা সংযোগী দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.