ETV Bharat / state

Road accident in Morigaon: পথৰ মাজৰ গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত বাহন - পথৰ গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত বাহন

মৰিগাঁও-জাগীৰোড পথৰ শুখনাগোগত পথত থকা দ-গাঁতত পৰি দুৰ্ঘটনাত পতিত এখন বাহন । কথমপি প্ৰাণ ৰক্ষা চালকসহ চাৰি যাত্ৰীৰ । স্থানীয় ৰাইজৰ সহযোগিতাত চিকিৎসালয়ত ভৰ্তি আহত যাত্ৰীসকলক । জাগীৰোড-মৰিগাঁও পথৰ শুখনাগোগত থকা দ-গাঁতৰ মেৰামতিৰ দাবী জিলা প্ৰশাসনক ।

Vehicle crashes into road pit in Morigaon
পথৰ গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত বাহন
author img

By

Published : Jun 18, 2023, 10:41 PM IST

পথৰ গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত বাহন

মৰিগাঁও, ১৮ জুন: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাট-পথত থকা গাঁতবোৰ বাৰিষাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পূৰ্বেই পুতিব লাগিব । পিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা যে ধোঁৱা চাঙত উঠিল । কিয়নো সৌ সিদিনা মহানগৰীত এটা গাঁতত পৰি এগৰাকী ছাত্ৰী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত পথৰ দ-গাঁত বাবেই পুনৰ সংঘটিত হ'ল আন এক পথ দুৰ্ঘটনা ।

পিছে এইবাৰ গুৱাহাটী নহয় মৰিগাঁৱত প্ৰকাণ্ড গাঁতত সোমাই দুৰ্ঘটনাত পতিত এখন অলট' বাহন । মৰিগাঁও জাগীৰোড সংযোগী বিধস্ত পথে নিতৌ জলা-কলা খুৱাই আহিছে জনসাধাৰণ তথা যান-বাহনৰ চালকক । সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা । পুনৰ দেওবাৰে উক্ত জাগীৰোড-মৰিগাঁও পথৰ শুখনাগুগ পথত থকা প্ৰকাণ্ড গাঁতত পৰি দুৰ্ঘটনাত পতিত হয় ML 04 B3116 নম্বৰৰ এখন বাহন ।

ঘটনাৰ বিৱৰণী অনুসৰি দুৰ্ঘটনাত পতিত হৈ বাহনখন ৰাজপথৰ পৰা গৈ পথাৰত পৰি যোৱাৰ ফলত বাহনখনত থকা কেইবাজন যাত্ৰী আহত হয় । আহত যাত্ৰীক কেইগৰাকীক স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চালক আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথচোৱাত থকা দ-গাঁতত পানীৰে ভৰি থকাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা ।

ইফালে স্থানীয় ৰাইজৰ তৎপৰতাত তথা সহযোগত ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আহত যাত্ৰী কেইগৰাকীক । মনকৰিবলগীয়া যে বহু চৰকাৰী আমোলা-বিষয়া, জন প্ৰতিনিধি গুৱাহাটী আৰু মৰিগাঁৱৰ এই পথৰে দৈনিক আহ-যাহ কৰে । পিছে কাণসাৰ নাই জনপ্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীৰ ।

উদ্ধেগজনক বিষয় এয়ে যে, মৰিগাঁও-জাগীৰোড-গুৱাহাটীৰ যোগাযোগৰ একমাত্র পথচোৱাৰ কিছু কিছু অংশত জৰাজীৰ্ণ হৈ সঘনাই যান-বাহন দুৰ্ঘটনা পতিত হৈ আহিছে । কিন্তু ইমানৰ পিছতো সুখনিদ্ৰাত মৰিগাঁৱৰ জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ বৰমূৰীয়াসকল ।

যাৰ ফলত চিন্তিত হৈ পৰিছে স্থানীয় সচেতন ৰাইজ । সেয়েহে মৰিগাঁও-জাগীৰোড শুখনাগোগত থকা পুখুৰী সদৃশ গাঁত সমূহৰ মেৰামতি দাবী কৰিছে স্থানীয় ৰাইজে । লগতে প্ৰশ্ন উত্থাপন কৰিছে যে, আৰু কিমান দুৰ্ঘটনা সংঘটিত হলে মৰিগাঁও জিলা প্ৰশাসনৰ গা-লৰিব । নে নিৰীহ জনতাই প্ৰাণ হেৰুৱালেহে সাৰ পাব মৰিগাঁও জিলা প্ৰশাসনে ?

লগতে পঢ়ক: Junmoni Rabha death case: জোৰদাৰ গতিত চলিছে চি বি আইৰ তদন্ত; ভেদ হ’বনে ৰহস্য !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.