ETV Bharat / state

মৰিগাঁৱৰ বান পৰিস্থিতি পৰিৰ্দশন কৰিলে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ দলে - কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়

শুকুৰবাৰে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এটি দলে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় মৰিগাঁও জিলাত (Union Home Ministry team visited flood effected area) ৷

Central team of ministry home affairs visits morigaon
মৰিগাঁৱৰ বান পৰিৰ্দশন গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলৰ
author img

By

Published : Jul 2, 2022, 1:38 PM IST

মৰিগাঁও, 2 জুলাই: ৰাজ্যজুৰি অব্যাহত আছে বানৰ ধ্বংসলীলা (Flood in Assam 2022) ৷ বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াৰ ঘৰ-বাৰী তথা শ শ কৃষিভূমি ৷ বানত সৰ্বস্ৰান্ত হৈ এতিয়া দিশহাৰা বানাক্ৰান্ত ৰাইজ ৷ শুকুৰবাৰে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এটি দলে (Union Home Ministry team visited flood effected area) বান পৰিস্থিতি পৰ্যবেক্ষণৰ লগতে বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় মৰিগাঁও জিলাত ৷

প্ৰথমে, পুৱা ১০.৩০ বজাত মৰিগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ (DC Prakash Ranjan Gharphalia) পৌৰাহিত্বত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত ভাগ লয় কেন্দ্ৰীয় দলটোৰ বিত্ত মন্ত্ৰালয়ৰ উপ সঞ্চালক মহেশ কুমাৰ ৷

লগতে কৃষি, সমবায় তথা কৃষক কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক জিন্টু দাস, জলশক্তি মন্ত্ৰালয়ৰ অধীক্ষক অভিযন্তা অজয় কুমাৰ সিনহাৰ উপৰিও অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া, জিলা প্ৰশাসনৰ উচ্চ পৰ্য্যায়ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলো উপস্থিত থাকে উক্ত বৈঠকত ৷

সভাৰ অন্তত কেন্দ্ৰীয় দলটোৱে বান সাহাৰ্য্য শিৱিৰ, বানত ক্ষতিগ্ৰস্ত অংগনৱাদী কেন্দ্ৰ, শিক্ষানুষ্ঠানৰ লগতে জিলাখনৰ বান বিধ্বস্ত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে ৷ লগতে বানাক্ৰান্ত লোকৰ সৈতেও মত বিনিময় কৰে কেন্দ্ৰীয় দলটোৱে ৷

লগতে পঢ়ক: পাঁচবছৰত বানত ক্ষতি হ'ল অসমৰ ১৩,২২৭ কোটি টকাৰ সা-সম্পত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.