ETV Bharat / state

TLA press meet:চৰকাৰৰ উদাসীনতাৰ বাবে পুনৰ অস্ত্ৰ তুলি ল’ব নেকি তিৱা লিবাৰেশ্যন আৰ্মীয়ে ? - তিৱা লিবাৰেশ্যন আৰ্মী চমুকৈ TLA

অসম চৰকাৰৰ উদাসীনতাৰ বাবে পুনৰ অস্ত্ৰ হাতত তুলি ল’বলৈ সাজু হৈছে আত্মসমৰ্পনকাৰী তিৱা লিবাৰেশ্যন আৰ্মী । বৃহস্পতিবাৰে সংবাদ মেল সম্বোধন কৰি এই ঘোষণা তিৱা লিবাৰেশ্যন আৰ্মী চমুকৈ TLA নামৰ অস্ত্ৰ সম্বৰণকাৰী সংগঠনটোৰ ।

TLA press meet at jagiroad
তিৱা লিবাৰেশ্যন আৰ্মীৰ সংবাদমেল
author img

By

Published : Aug 17, 2023, 7:54 PM IST

তিৱা লিবাৰেশ্যন আৰ্মীৰ সংবাদমেল

মৰিগাঁও, 17 আগষ্ট : বৃহস্পতিবাৰে জাগীৰোডত তিৱা লিবাৰেশ্যন আৰ্মীয়ে এখনি সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত আয়োজন কৰি তিৱা লিবাৰেশ্যন আৰ্মীৰ নেতৃত্বই চৰকাৰৰ প্ৰতি থকা ক্ষোভ উজাৰে ৷ কথাৰ প্ৰসংগত তেওঁলোকৰ সংগঠনটো পুনৰ অস্ত্ৰ হাতত তুলি ল’বলৈ সাজু বুলিও উল্লেখ কৰে তেওঁ ৷ মধ্য অসমৰ তিৱাসকলক লৈ চৰকাৰৰ কোনো সদ্দিচ্ছা নথকাৰ অভিযোগ তুলিছে সংগঠনটোৱে । পুনৰ হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ অস্ত্ৰ সম্বৰণ কৰা সশস্ত্ৰ সংগঠন তিৱা লিবাৰেশ্যন আৰ্মীৰ ৷

TLA press meet at jagiroad
তিৱা লিবাৰেশ্যন আৰ্মী

তিৱা জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে একাংশ যুৱকে গঠন কৰিছিল সশস্ত্ৰ সংগঠনটো ৷ অৱশেষত চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি ২০২২ চনত অস্ত্ৰ সম্বৰণ কৰি চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছিল সংগঠনটো ৷ কিন্তু অস্ত্ৰ সম্বৰণ কৰাৰ পিচতো সংগঠনটোৰ সদস্যসকলক কোনো সুবিধা প্ৰদান কৰা নাই চৰকাৰে ৷ আনহাতে মৰিগাঁও জিলাত তিনিটা সমষ্টি ভূমিপুত্ৰ তিৱাসকলৰ বাবে সংৰক্ষণৰ দাবী জনাই অহাৰ পিচতো সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত জিলাখনৰ এটাও সমষ্টি সংৰক্ষণ নকৰাত ক্ষোভিত হৈ পৰিছে সংগঠনটোৰ নেতৃবৃন্দ ৷

বৃহস্পতিবাৰে সংগঠনটোৰ অধ্যক্ষ ক্লেমেন লুমফুইয়ে জাগীৰোডত আয়োজন কৰা এক সংবাদমেলত ক্ষোভ উজাৰি এই কথা প্ৰকাশ কৰে ৷ অতি শীঘ্ৰে সংগঠনটোৰ দাবীসমূহ সমাধান নকৰিলে পুনৰ হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিয়ে আত্মসমৰ্পনকাৰী তিৱা লিবাৰেশ্যন আৰ্মীৰ অধ্যক্ষ লুমফুইয়ে ৷ সংগঠনটোৰ অধ্যক্ষৰ লগতে সাধাৰণ সম্পাদক ৰামানুজ আমচং, কোষাধ্যক্ষ হিউবাৰ্ট মাশ্লাই, সাংগঠনিক সম্পাদক আন্দিশ লুমফুই, সেনাধ্যক্ষ পংকজ মচৰং প্ৰমুখ্যে বিভিন্ন ঠাইৰ আত্মসমৰ্পনকাৰী সেনাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : Man kills his nephew in Morigaon:দুবটল চুলাইৰ বাবে ভাগিনীয়েকক মৰিয়াই মৰিয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.