ETV Bharat / state

ছীল হ’ল মৰিগাঁৱৰ দুখনকৈ গাঁও

author img

By

Published : Apr 18, 2020, 8:59 PM IST

মৰিগাঁৱৰ দুখনকৈ গাঁও টেঙাগুৰি আৰু ভূৰাগাঁও ছীল কৰে মৰিগাঁও জিলা প্ৰশাসনে । নিজামুদ্দিন মাৰ্কাজলৈ যোৱা মৰিগাঁৱৰ দুজন লোকৰ দেহত কোভিড- 19ৰ অৱস্থিতি ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ জিলা প্ৰশাসনৰ ৷ আৰক্ষীয়ে ৰাজপথ বন্ধ কৰি বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে চিকিৎসকসকলে ঘৰে ঘৰে গৈ মৰিগাঁওবাসীৰ স্বাস্থ্যৰ বুজ লৈছে ৷

ছীল হ’ল মৰিগাঁৱৰ দুখনকৈ গাঁও
ছীল হ’ল মৰিগাঁৱৰ দুখনকৈ গাঁও

মৰিগাঁও, 18 এপ্ৰিল : শনিবাৰে মৰিগাঁৱত দুখনকৈ গাঁও ছীল কৰে মৰিগাঁও জিলা প্ৰশাসনে। অঞ্চলটোৰ বাসিন্দাসকলক ঘৰতে কোৱাৰেণ্টাইন কৰাৰ লগতে প্ৰৱেশ নিষিদ্ধ কৰিলে বাহিৰা মানুহৰ ।

ছীল হ’ল মৰিগাঁৱৰ দুখনকৈ গাঁও
শেহতীয়াকৈ মৰিগাঁৱত নিজামুদ্দিন মাৰ্কাজলৈ যোৱা টেঙাগুৰিৰ চামচুল আলম আৰু ভূৰাগাঁৱৰ ফুলকন আলীৰ দেহত কোভিড- 19ৰ অৱস্থিতি ধৰা পৰাৰ পিছতে মৰিগাঁও জিলা প্ৰশাসনে টেঙাগুৰি আৰু ভূৰাগাঁৱৰ 3 কিলোমিটাৰ দুৰত্বৰ এলেকা কোৱাৰেণ্টাইন জ'ন হিচাপে ঘোষণা কৰে। মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশত আৰক্ষীয়ে ৰাজপথ বন্ধ কৰাৰ লগতে চিকিৎসকসকলে ঘৰে ঘৰে গৈ স্বাস্থ্যৰ বুজ লৈছে মৰিগাঁওবাসীৰ । জিলা প্ৰশাসনৰ এই কাৰ্যক ভূৰাগাঁওবাসী তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে আদৰণি জনাইছে । ইয়াৰ লগতে,জাগীৰোড চেনীমাৰী গাঁৱখনো পূৰ্বৰে পৰা কোৱাৰেণ্টাইন জ'নৰূপে ঘোষণা কৰি অঞ্চলটোত অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰে আৰু স্বাস্থ্য কৰ্মী, নাৰ্চ,চিকিৎসকসকলে গাঁওবাসীৰ ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰিছে ।উল্লেখ্য যে, সমগ্ৰ মৰিগাঁও জিলাতে মুঠ 6 জন লোকৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ বিপৰীতে চিকিৎসকে দুজন আক্ৰান্ত ৰোগীক ইতিমধ্যে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে ।

লগতে পঢ়ক : বৰপেটাৰ হাউলী চহৰত কেঁকো সাপ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.