মৰিগাঁও,১০ ছেপ্টেম্বৰ: শনিবাৰে কেন্দ্ৰীয় তথা ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সচিব শৈলেশ কুমাৰ সিঙে দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলা ভ্ৰমণ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম-কাজ পৰিদৰ্শন কৰে । প্ৰথমে তেওঁ জিলাখনৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ সমূহীয়া প্ৰেক্ষাগৃহত আয়োজিত এখন ঋণ মেলাত অংশগ্ৰহণ কৰি ভূৰবন্ধা আৰু মৈৰাবাৰী উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে ।
ইয়াৰ পিছতেই তেওঁ উন্নয়ন খণ্ডটোৰ অধীনৰ বিভিন্ন পঞ্চায়তত ৰূপায়িত এম জি এনৰেগা আঁচনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত নিৰ্মিত বাসগৃহ পৰিদৰ্শন কৰে । সচিবগৰাকীয়ে কপিলী উন্নয়ন খণ্ডৰ পূব-বৰভগীয়াত এটা বোৱা-কটা কেন্দ্ৰ, জোৎস্না দুগ্ধ কেন্দ্ৰ আৰু উন্নয়ন খণ্ডটোৰ বাৰপুজীয়া গাঁও পঞ্চায়ত এলেকাত নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ কেইবাটাও বাসগৃহ পৰিদৰ্শন কৰে ।
বিয়লিভাগত সচিবগৰাকীয়ে মায়ং উন্নয়ন খণ্ডৰ জাগি ভকতগাঁৱত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত মহিলা উদ্যোগী ইলা বৰা, অতুল বৰাৰ আচাৰ প্ৰস্তুতকাৰী ত্ৰিনয়ন গ্ৰামীণ খাদ্য প্ৰস্তুতকৰণ কেন্দ্ৰটোত উপস্থিত হৈ মহিলা উদ্যোগী ইলা বৰাক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে । একেদৰে সন্ধ্যা ভাগত মায়ং উন্নয়ন খণ্ডৰ ভিতৰুৱা ঝাৰগাঁৱত এটা অমৃত সৰোবৰ প্ৰকল্প আৰু হাতীমুৰীয়াত এম জি এনৰেগাৰ এখন আঁচনি পৰিদৰ্শন কৰে ।
সচিবগৰাকীয়ে এই পৰিদৰ্শনকালত উন্নয়ন খণ্ড আৰু পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে । কেন্দ্ৰীয় সচিবগৰাকীৰ সৈতে এই পৰিদৰ্শনকালত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা, আয়ুক্ত জয় শিৱানী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কৃষ্ণা বৰুৱাই বিভিন্ন আঁচনিৰ বুজ লয় । মৰিগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত দ্যুতিভা বৰাই জিলা আয়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ হৈ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ মুখ্য সচিবগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ দলটোক নেতৃত্ব প্ৰদান কৰে ।
লগতে পঢ়ক: Majuli News: মাজুলীত সাংসদ প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ; দলীয় সভাত অংশগ্ৰহণ