মৰিগাঁও, ১৮ ফেব্ৰুৱাৰী:সন্মুখত বিধানসভা নিৰ্বাচন । নিৰ্বাচনী প্ৰচাৰক লৈ সকলো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে । ২১ ৰ নিৰ্বাচনত শাসকীয় দল বিজেপিক প্ৰতিহত কৰিবলৈ নামি পৰিছে সকলো । বিৰোধী দল কংগ্ৰেছো নামি পৰিছে বিজেপিক প্ৰতিহত কৰিবলৈ । সূতা কম্বলৰ ৰাজনীতি এৰি এইবাৰ পদপথৰ পকৰী বিতৰণৰ ৰাজনীতি চলাইছে কংগ্ৰেছে । মৰিগাঁৱত দেখা গ'ল কংগ্ৰেছৰ পকৰী ৰাজনীতি ।
বুধবাৰে 'অসম বচাও' শীৰ্ষক অভিযানৰ জৰিয়তে মৰিগাঁৱৰ জালুগুটিJ ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰি নগাঁও জিলাৰ চামগুৰিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, লাহৰীঘাটৰ বিধায়ক ডাঃ নজৰুল ইছলাম, মৰিগাঁৱৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা, নগাঁৱৰ বিধায়ক ডাঃ দুৰ্লভ চমুৱাই জুতি ল'লে পদপথৰ পকৰীৰ । ইয়াৰ অংশৰূপে জালুগুটিত এক পথ সভা অনুষ্ঠিত কৰি জিলা সভাপতি বীৰ কুমাৰ কোঁৱৰৰ নেতৃত্বত 'কা'ৰ বিৰুদ্ধে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলায় । লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিজেপিক তীব্ৰ সমালোচনা কৰে ।
লগতে পঢ়ক: ৰাজ্যত মুকলি হ’ব IWTৰ চাৰিখনকৈ ৰপেক্স জাহাজ