ETV Bharat / state

মৈৰাবাৰী বজাৰত পথৰ দূৰৱস্থাৰ ফলত ব্যাপক যান-জঁট !

অভিযোগ অনুসৰি 2019 চনৰ 2 ফেব্ৰুৱাৰীত পথটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও আজিলৈকে ঠিকাদাৰে ৰাস্তাটোৰ কাম আৰম্ভ কৰা নাই ৷

মৈৰাবাৰী বজাৰত পথৰ দূৰৱস্থাৰ ফলত যান-জঁট !
author img

By

Published : May 20, 2019, 12:36 PM IST

মৰিগাঁও, 20 মে': মৰিগাঁও জিলাৰ গড়কাপ্তানী বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ মৈৰাবাৰী বজাৰৰ মূল পথটো সম্প্ৰতি বিধ্বস্ত ৷ পথটোৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে সাধাৰণ ৰাইজে জ্বলাকলা খাব লগীয়া হৈছে ৷

মৈৰাবাৰী বজাৰত পথৰ দূৰৱস্থাৰ ফলত যান-জঁট !

জানিব পাৰ মতে মৈৰাবাৰী বজাৰৰ তিনি আলীৰ পৰা 1200 কিলোমিটাৰ ৰাস্তা মেৰামতি আৰু নিৰ্মাণৰ বাবে 'SOPD'ৰ পৰা চৰকাৰে 1 কোটি 2 লাখ টকা আৱন্টন দিছিল ৷ কিন্তু অভিযোগ অনুসৰি সেই টকাৰে 2019 চনৰ 2 ফেব্ৰুৱাৰীত পথটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও আজিলৈকে ঠিকাদাৰে ৰাস্তাটোৰ কাম আৰম্ভ কৰা নাই ৷ ইপিনে পথটো উন্নত কৰাৰ নামত পথটোত পুখুৰী সদৃশ ড্ৰেইন খান্দি থোৱাৰ ফলত ড্ৰেইনত পানী জমা হয় ৷ ফলত বিগত চাৰি মাহে এই ব্যস্ততা পূৰ্ণ ৰাস্তাটোত গাড়ী-মটৰ চলাচল কৰাত বহু অসুবিধা হয় বুলি জনায় অঞ্চবাসীয়ে ৷

লগতে এই অসুবিধাৰ ফলত মৈৰাবাৰী বজাৰত বহু যান-জঁটৰ সৃষ্টি হয় ৷ আনহাতে ঠিকাদাৰে পথ উন্নতকৰণৰ নামত ভাঙি থোৱা নগাঁও-ভূৰাগাঁও ৰাস্তাটোৰ দুয়োকাষে গাড়ী,মটৰ ৰখাই থোৱাৰ ফলত সৃষ্টি হোৱা যান-জঁটৰ বাবে ৰোগীক চিকিৎসালয়লৈ নিবলৈ অসুবিধা হয় ৷ উল্লেখ্য যে নগাঁও-ভূৰাগাঁও গড়কাপ্তানী পথটোৰ দুয়ো কাষে অবৈধভাৱে বহু সৰু-সুৰা দোকান স্থাপন কৰি ৰাস্তাটো বেদখল কৰাৰ বাবেও বহু যান-জঁটৰ সৃষ্টি হয় ৷ এই বিষয়টো মৈৰাবাৰী আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈ বহু কেইখন ই-ৰিক্সা আৰু ৰাস্তাৰ কাষত থকা সৰু-সুৰা দোকান সমূহ উঠাই দিছিল যদিও একাংশ অসাধু ব্যৱসায়ীয়ে পুনৰ একেটা স্থানতে পুনৰ দোকান দিবলৈ আৰম্ভ কৰে ৷

Intro:মৈৰাবাৰী বজাৰত পথৰ দূৰৱস্থাই যান জোটৰ সৃষ্টি কৰিছেBody:মৰিগাঁও জিলা গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ মৈৰাবাৰী বজাৰৰ মূল তিনি আলীৰ পৰা 1200 কিলো মিটাৰ ৰাস্তা মেৰামতি আৰু নিৰ্মানৰ কাৰনে SOPD ৰ পৰা এক কোটি 2 লাখ টকা চৰকাৰে আৱন্টন দিছিল আৰু সেই টকাৰে 2 ফেব্ৰুৱাৰী 2019 চনত আধাৰ শিলা স্থাপন কৰিছিল কিন্ত আজিলৈকে ৰাস্তাটোৰ কাম ঠিকাদাৰে আৰম্ব কৰা নাই বিগত চাৰি মাহৰ ভিতৰত এই ব্যস্ততা পূৰ্ণ ৰাস্তাটোৰ কাষেদি ড্ৰেইন খান্দি ৰাইজক চলাচল কৰাত হাৰাহাস্তী কৰিছে। পদটো উন্নত কৰাৰ নামত ভাঙি পুখুৰী সদৃশ ড্ৰেইন খান্দি থৈ দিছে পানী জমা হোৱাত কোনো গাড়ী-মটৰ চলাচল কৰিব নোৱাৰে। যাৰ ফলত প্ৰতিটো সন্দিয়াটোতেই মৈৰাবাৰী বজাৰত এনেকোৱা জান-জটৰ সৃষ্টি হয় যে ঘন্টা কি ঘন্টাৰ পাছতো গাড়ী-মটৰ ৰাস্তাৰ ওপৰতেই ৰৈ থাকিব লগীয়া হয়।ইপিনে স্কুল - কলেজৰ সময়ত শ-শ ছাত্ৰ-ছাত্ৰীয়ে পদটো দি অহা-যোৱাত ভীষন অসুবিধাৰ সন্মূখীন হয় । ঠিকাদাৰে পদ ভাঙি পেলাই থোৱা নগাওঁ-ভূৰাগাওঁ ৰাস্তাৰ দুয়োকাষে গাড়ী-মটৰ ৰখাই থোৱাৰ পাছত সৃষ্টি হোৱা জান-জোট বেমাৰী এজনক চিকিত্সাখনলৈ নিবলৈ অপৰাগ হৈ পৰে। উল্লেখ্য যে নগাওঁ-ভূৰাগাওঁ গড়কাপ্তানী ৰাস্তাৰ দুয়ো কাষত অবৈধ বাবে সৰু-সুৰা দোকান বহাই ৰাস্তাটো বেদখল কৰাত জান-জোটৰ সৃষ্টি হোৱাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ মৈৰাবাৰী আৰক্ষীয়ে এক অভিযান চলাই বহু কেইটা টম-টম মটৰ চাইকেল আৰু ৰাস্তাৰ কাষত বহি থকা সৰু-সুৰা দোকান খেদি দিছিল যদিওঁ পোনৰ একে স্থানতে বহি দোকান দিবলৈ আৰম্ব কৰে। মৈৰাবাৰী বজাৰৰ এই সমস্যাটো কেতিয়া সমাধান হব ?Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.