ETV Bharat / state

১.৭৩ শতাংশলৈ উন্নীত মৰিগাঁৱৰ ক'ভিড আক্ৰান্ত হাৰ - মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

সাধাৰণ অৱস্থালৈ আহিছে মৰিগাঁও জিলাৰ ক'ভিড (Covid 19) পৰিস্থিতি ৷ জিলাখনত ক'ভিড (Covid 19) আক্ৰান্ত হাৰত কৈ আৰোগ্য লাভৰ হাৰ বেছি ৷ বৃহস্পতিবাৰে জিলাৰখনৰ ক'ভিড পৰিস্থিতি বুজ লৈ এই কথা সদৰি কৰিলে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandramohan Patowary) ৷

new covid update of morigaon district
১.৭৩ শতাংশলৈ উন্নীত মৰিগাঁৱৰ ক'ভিড আক্ৰান্ত হাৰ
author img

By

Published : Jul 9, 2021, 11:12 AM IST

মৰিগাঁও, 9 জুলাই : মৰিগাঁওবাসীৰ বাবে ভাল খবৰ, ক্ৰমাৎ সাধাৰণ অৱস্থালৈ আহিছে মৰিগাঁও জিলাৰ ক'ভিড (Covid 19) পৰিস্থিতি ৷ জিলাখনত ক'ভিড (Covid 19) আক্ৰান্ত হাৰতকৈ ক'ভিডত আৰোগ্য লাভ কৰা হাৰ দুগুন বেছি ৷ বৃহস্পতিবাৰে সাংবাদিকক সম্বোধন কৰি এই কথা সদৰি কৰিলে মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandramohan Patowary) ৷

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক বৈঠকত জিলাখনৰ শেহতীয়া ক'ভিড (Covid 19) পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনাৰ কৰে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandramohan Patowary) ৷ এই পৰ্যালোচনা সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে ধৰি চিকিৎসক আৰু প্ৰশাসনিক বিষয়া সকল উপস্থিত থাকে ৷ এই বৈঠকৰ পাচতে সাংবাদিকক সম্বোধন কৰে মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে ৷

১.৭৩ শতাংশলৈ উন্নীত মৰিগাঁৱৰ ক'ভিড আক্ৰান্ত হাৰ

বৈঠকৰ পাচত অভিভাৱক মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি জিলাখনত এগৰাকী ক'ভিড (Covid 19) ৰোগীৰ আইচিইউৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ।

তিনিগৰাকী অক্সিজেনৰ প্ৰয়োজন হোৱা ক'ভিড ৰোগীৰ বাহিৰে জটিল অৱস্থাত থকা ক'ভিড ৰোগী বৰ্তমানলৈকে জিলাখনত নাই । জিলাখনৰ বাবে ভাল খবৰ এইয়ে যে, জিলাখনত ক'ভিড সংক্ৰমণৰ হাৰ ১.৭৩ % লৈ উন্নীত হৈছে । সমান্তৰালকৈ, জিলাখনৰ ১৪ টা ক'ভিড কেন্দ্ৰৰ ক'ভিড ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে ৯৬.০৩ % ।

আনহাতে, ক'ভিড (Covid 19)ৰ তৃতীয়টো ঢৌৰ প্ৰতি লক্ষ্য ৰাখি ১৯ খন বিচনাযুক্ত আইচিইউ মুকলি কৰাৰ আশা প্ৰকাশ কৰে অভিভাৱক মন্ত্ৰীগৰাকীয়ে ৷ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, বৰ্তমানে জিলাখনত ভেকচিনৰ নাটনি আছে যদিও কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিলে মৰিগাঁৱত ক'ভিড ভেকচিন প্ৰথমে উপলব্ধ হ'ব ।

লগতে পঢ়ক: মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.