ETV Bharat / state

মৰিগাঁৱত নতুনকৈ আম আদমী পাৰ্টীৰ কাৰ্যালয় মুকলি - আম আদমী পাৰ্টিৰ কাৰ্যালয় মুকলি

2021 চনৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । পিছ পৰি ৰোৱা নাই আম আদমী পাৰ্টীও । শুকুৰবাৰে মৰিগাঁৱত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় দলটোৰ কাৰ্যালয় ।

মৰিগাঁৱত আম আদমী পাৰ্টিৰ কাৰ্যালয় মুকলি

author img

By

Published : Jul 10, 2020, 4:09 PM IST

মৰিগাঁও, 10 জুলাই : ৰাজ্যৰ আন আন ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ আম আদমী পাৰ্টীয়ে অব্যাহত ৰাখিছে ৰাজনৈতিক কুচ-কাৱাজ। ইয়াৰ অংশস্বৰূপে শুকুৰবাৰে মৰিগাঁৱত পোনপ্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন তথা মাংগলিক কাৰ্যসূচীৰে মুকলি কৰা হয় জিলা সমিতিৰ কাৰ্যালয় । মৰিগাঁও চহৰৰ মাজমজিয়াত কাৰ্যালয়টো মুকলি কৰে যুৱ সমাজ সেৱক তথা দলটোৰ জিলা সমন্বয়ক দিপাংকৰ ৰাজবংশীয়ে ।

মৰিগাঁৱত আম আদমী পাৰ্টীৰ কাৰ্যালয় মুকলি

উদ্বোধনী ভাষণত যুৱ নেতাগৰাকীয়ে দেশ তথা ৰাজ্যৰ ৰাজনৈতিক দলৰ নীতি, আৰ্দশ তথা শাসন ব্যৱস্থাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, ‘‘ক্ষমতাভোগ, কথাৰ ফুলজাৰি মাৰি ৰাজনীতি কৰাৰ বাবে আমি ৰাজনীতি কৰিবলৈ অহা নাই । আপৰ লক্ষ্য-উদ্দেশ্য হৈছে মূল্যবোধৰ ৰাজনীতি । সমাজৰ শোষিত-নিষ্পেষিতজনক ন্যায় দি শান্তি প্ৰতিষ্ঠা কৰা । সেয়েহে আমাৰ ৰাজনীতিত ক্ষমতাৰ লোভ নাই । মাত্ৰ আছে নীতি আদৰ্শ আৰু সমাজৰ আৰ্তজনৰ বাবে ন্যায় প্ৰতিষ্ঠা কৰাৰ ইচ্ছা । ইয়াৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কাম কৰি আহিছে আৰু আমিও সমাজৰ অৱহেলিতজনৰ সেৱাৰ হকে সদায় কাম কৰি যোৱাৰ বাবে অংগীকাৰবদ্ধ ।’’

আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত যুৱ নেতা গৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব নে নাই সেয়া সম্প্ৰতি ঠিক হোৱা নাই বুলি মন্তব্য কৰে ।

ইফালে কৃষক নেতা অখিল গগৈ কাৰাবন্দী হৈ থকাৰ সময়তে কোভিড-19ত আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰি মানৱতাৰ খাতিৰত কৃষক নেতাগৰাকীৰ লগতে, আন আন কাৰাবন্দীসকলক মুকলি কৰি দিবলৈ সহকাৰী জিলা সমন্বয়কে আহ্বান জনায় ৷

উল্লেখ্য যে, জিলাখনৰ ভালে সংখ্যক আগশাৰীৰ ব্যক্তি উপস্থিত থকা এই কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কৰ্মীসকলৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হয় ।

লগতে পঢ়ক : আদৰ্শ গঢ়ি তোলা দৰঙৰ এখন আদৰ্শ চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.