মৰিগাঁও, 10 অক্টোবৰঃ প্ৰাচীন ঐতিহ্যপূৰ্ণ নাথ যোগী জনগোষ্ঠীয় স্বকীয়তা ৰক্ষাৰ বাবে ডিচেম্বৰ মাহত চৰাইবাহীত অনুষ্ঠিত হ'ব নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ অভিৱৰ্তন ৷ শনিবাৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ মৰিগাঁও নাথ যোগী সাহিত্য-সংস্কৃতি সন্মিলনৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সন্মিলনৰ সভাপতি লক্ষ্যজ্যোতি নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাৰ্যনিৰ্বাহক সভাত জনগোষ্ঠীটোৰ উন্নয়ন আৰু বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
ইপিনে, চৰাইবাহীত অনুষ্ঠিত হ'ব লগা জাতীয় অভিৱৰ্তনত জনগোষ্ঠীটোলৈ সেৱা আগবঢ়াই যোৱা এশ জন প্ৰয়াত মহান ব্যক্তিৰ কৰ্মজীৱনক আধাৰ হিচাপে লৈ এখন জীৱনপঞ্জী প্ৰকাশ কৰা, লুপ্ত পাবলৈ ধৰা জনগোষ্ঠীটোৰ নিজা নৃত্য-গীতসমূহ পুনৰ উদ্ধাৰ কৰাকে আদি কৰি বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰে কাৰ্যনিৰ্বাহক সভাই । আনহাতে, এই অভিৱৰ্তনৰ জৰিয়তে নাথ যোগী জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতি উন্নয়নৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচনা হ'ব বুলিও আশা প্ৰকাশ কৰিছে সদৌ মৰিগাঁও নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনে ৷