ETV Bharat / state

Childrens day : জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষাৰ্থীৰে মত বিনিময় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

author img

By

Published : Nov 15, 2021, 3:35 PM IST

দেওবাৰে শিশু দিৱস(Childrens day)ৰ দিনা মৰিগাঁৱত থকা জৱাহৰ নৱোদয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । জৱাহৰ নৱোদয় বিদ্যালয় স্থাপনৰ ধাৰণা আৰু এই বিদ্যালয়খনত অধ্যয়ন কৰি দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে কিদৰে লাভান্বিত হয় সেই বিষয়ে তেওঁ মন্তব্য কৰে । বিদ্যালয়খনত আয়োজিত শিশু দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে ।

MP Pradyut Bardoloi intercts with Navodaya Vidyalaya students on Childrens Day
জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষাৰ্থীৰে মত বিনিময় প্ৰদ্যুত বৰদলৈৰ

মৰিগাঁও, ১৫ নৱেম্বৰ: ৰাজ্যৰ আন শিক্ষানুষ্ঠানসমূহৰ লগতে মৰিগাঁৱৰ(Morigaon) দলৈচুবাত থকা জৱাহৰ নৱোদয় বিদ্যালয়তো(Jawahar Navodaya Vidyalaya) দেওবাৰে শিশু দিৱস(Childrens day) উদযাপন কৰা হয় । এই অনুষ্ঠানত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে(Pradyut Bardoloi)ও উপস্থিত থাকে । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে সাংসদগৰাকীয়ে । ছাত্ৰ-ছাত্ৰীৰ বহু প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে সাংসদগৰাকীয়ে বিভিন্ন বিষয় সন্দৰ্ভত বক্তব্য আগবঢ়ায় ।

নৱোদয় বিদ্যালয় স্থাপনৰ ধাৰণাৰ বিষয়েও তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, ৰাজ্যৰ চহৰাঞ্চলৰ আৰ্থিকভাৱে সৱল লোকসকলে ব্যক্তিগত বিদ্যালয়ত নিজ সন্তানৰ নামভৰ্তি কৰাবলৈ সক্ষম যদিও গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ বাবে এয়া সম্ভৱ নহয় । সেয়ে, উন্নত মানৰ শিক্ষা লাভৰ ক্ষেত্ৰত যাতে ব্যক্তিগত বিদ্যাালয়ৰে ফেৰ মাৰিব পাৰে, তাৰ বাবে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশৰ গ্ৰামাঞ্চলত নৱোদয় বিদ্যালয় স্থাপন কৰা হৈছিল । মৰিগাঁও দলৈচুবাতো একেটা উদ্দেশ্যেৰেই এই বিদ্যালয়খন স্থাপন কৰা হৈছিল ।

সৰ্বভাৰতীয় পৰ্যায়ত ফেৰ মাৰিব পৰাকৈ এই বিদ্যালয়খনত সকলো ব্যৱস্থা কৰা হৈছে । বিদ্যালয়খনৰ অধ্যক্ষগৰাকী কেৰেলাৰ । উপাধ্যক্ষগৰাকীও উত্তৰ প্ৰদেশৰ পৰা আহিছে । একেদৰে ছাত্ৰ-ছাত্ৰীসকলো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমন্বয় সৃষ্টি কৰিছে ।

আনহাতে, অনুষ্ঠানৰ অন্তত সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত তেওঁ অসমত ছিণ্ডিকেট দেখা নাই । যেতিয়া ছিণ্ডিকেট দেখিব, তেতিয়া তাৰ বিৰুদ্ধে মাত মাতিব । কংগ্ৰেছৰ নেতাই বিজেপিত যোগদান কৰা সন্দৰ্ভত তেওঁ কয় যে, সেউজীয়া ঘাঁহ দেখি বিজেপিলৈ গৈছে একাংশ কংগ্রেছী নেতা অথবা যি সকলৰ জেললৈ যাবলৈ ভয়, সেইসকলহে বিজেপিলৈ গমন কৰিছে ।

লগতে পঢ়ক : Suman Swargiary : সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন শ্বহীদগৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.