ETV Bharat / state

মৰিগাঁৱত গাঁওৰক্ষী বাহিনীৰ বিশেষ সজাগতা সভা

author img

By

Published : Jan 9, 2021, 7:02 AM IST

মৰিগাঁৱত গাঁওৰক্ষী বাহিনীৰ বিশেষ সজাগতা সভা অনুষ্ঠিত ৷ 72 সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এই সভা অনুষ্ঠিত কৰা হয় ৷

Morigaon vdp awareness meeting assam etv bharat news
গাঁওৰক্ষী বাহিনীৰ বিশেষ সজাগতা সভা

মৰিগাঁও,9 জানুৱাৰী: শুকুৰবাৰে মৰিগাঁও জিলাৰ গাঁওৰক্ষী বাহিনীৰ মাজত এক সজাগতামূলক সভা অনুষ্ঠিত হৈ যায় ৷ পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা ৷ বৰকলাই ভাষণ প্ৰসংগত কয় যে, দেশৰ ন্যায় ব্যৱস্থাৰ এক প্ৰাথমিক সংস্থা হিচাপে গাঁওৰক্ষী বাহিনীৰ দায়িত্ব আৰু কৰ্তব্য অতি গুৰুত্বপূৰ্ণ ৷ সেয়ে তেওঁলোকৰ সমাজৰ বাবে কৰণীয় বহু কাম আছে ৷ বিশেষকৈ প্ৰতিগৰাকী সদস্যই নিজৰ নিজৰ অঞ্চলত ঘটা সকলো ঘটনাৰ বিষয়ে জ্ঞাত হৈ ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰাত অগ্ৰণী ভূমিকা ল’ব পাৰে ৷

গাঁওৰক্ষী বাহিনীৰ বিশেষ সজাগতা সভা

প্ৰতিগৰাকী সদস্যৰ গাঁৱত গাঁওৰক্ষী বাহিনীৰ ফলক আৰি দুষ্কৃতিকাৰীক সৰ্তক কৰি দিয়া উচিত বুলিও মন্তব্য কৰে বৰকলাই ৷ উল্লেখ্য যে, আৰক্ষী অধীক্ষকগৰাকীয়ে বেংক একাউণ্ট নথকা গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক শীঘ্ৰে এই একাউণ্ট খোলাৰ পৰামৰ্শ প্ৰদান কৰে ৷

লগতে চাওকঃ মৰিশালিত পৰিণত ঐতিহাসিক শিলঘাটৰ এটা চৰকাৰী কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.