ETV Bharat / state

গ্ৰামোফোনঃ এক সুকীয়া আমেজ

তাহানিৰ গণশিল্পী হেমাংগ বিশ্বাসৰ পৰা ভূপন হাজৰিকালৈ। খগেন মহন্তৰ পৰা লতা মংগেশকাৰলৈ । মুঠতে গ্ৰামফোনৰ যুগৰ সকলো চিৰসেউজ গীত উপলব্ধ সাহিত্যিক পেঞ্চনাৰ মিলেশ্বৰ পাতৰৰ গ্ৰামফোনৰ প্লেয়াৰত....

author img

By

Published : Aug 25, 2019, 8:59 PM IST

গ্ৰামোফোনঃ এক সুকীয়া আমেজ

মৰিগাওঁ, 25 আগষ্টঃ একালৰ আভিজাত্যৰ প্ৰতীক গ্ৰামোফোন ৷ সামাজিক, সাংস্কৃতিক স্মৃতি বিজড়িত শব্দ যন্ত্ৰবিধ কালক্ৰমত অস্তিত্বৰ সংকটত যদিও যন্ত্ৰ বিধৰ সৈতে জীৱনৰ 47 টা বসন্ত গৰকীলে মৰিগাঁৱৰ মিলেশ্বৰ পাতৰে ৷ মিলেশ্বৰ পাতৰৰ শুৱনি কোঠা শুৱনী কৰি আজিও এক সুকীয়া আমেজ বহন কৰি আহিছে সত্তৰ দশকৰ গ্ৰমোফোনটোৱে.....

গ্ৰামোফোনঃ এক সুকীয়া আমেজ

মৰিগাওঁ, 25 আগষ্টঃ একালৰ আভিজাত্যৰ প্ৰতীক গ্ৰামোফোন ৷ সামাজিক, সাংস্কৃতিক স্মৃতি বিজড়িত শব্দ যন্ত্ৰবিধ কালক্ৰমত অস্তিত্বৰ সংকটত যদিও যন্ত্ৰ বিধৰ সৈতে জীৱনৰ 47 টা বসন্ত গৰকীলে মৰিগাঁৱৰ মিলেশ্বৰ পাতৰে ৷ মিলেশ্বৰ পাতৰৰ শুৱনি কোঠা শুৱনী কৰি আজিও এক সুকীয়া আমেজ বহন কৰি আহিছে সত্তৰ দশকৰ গ্ৰমোফোনটোৱে.....

গ্ৰামোফোনঃ এক সুকীয়া আমেজ
Intro:সত্তৰ দশকৰ এটা বিশেষ যন্ত্ৰ আৰু এজন সত্তৰ বছৰীয়া বিশেষ ব্যক্তি।সাতচল্লিশ টা বসন্ত দুয়ো দুয়োৰে লগৰী। কি এই সত্তৰ দশকৰ যন্ত্ৰ আৰু কোন এইজন বিশেষ ব্যক্তি এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।


Body: শব্দ যন্ত্ৰ। জনপ্ৰিয় নাম গ্ৰামফোন।এই শব্দ যন্ত্ৰটো বয়স অৰ্ধ শতক। নৱ প্ৰজন্মৰ বাবে অচিনাকি এই শব্দ যন্ত্ৰটো একালত সামাজিক অৱদান আছিল উল্লেখযোগ্য। ব্যক্তি জীৱনৰ পৰা সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনলৈ সকলোতে এৰুৱাব নোৱাৰা বিধৰ। সামাজিক, সাংস্কৃতিক স্মৃতি বিজড়িত এইবিধ শব্দ যন্ত্ৰ কালক্ৰমত অস্তিত্বৰ সংকটত। ঔষধত লাগে বুলিয়েই নোপোৱা বাৰশ টকীয়া যন্ত্ৰটো আদৰ আৰু আপডালৰ মাজত আজিও কাৰ্যক্ষম হৈ আছে মৰিগাঁৱৰ মিলেশ্বৰ পাতৰৰ শুৱনি কোঠাত।
1st PTC

এতিয়া আহিছো বিগত ৪৭ টা বসন্ত যতনেৰে ৰাখোতা সংগ্ৰহক গৰাকীৰ ওচৰলৈ।
এজন বৰ্ষীয়ান ব্যক্তি। সাহিত্যিক পেঞ্চনাৰ । অৱসৰপ্ৰাপ্ত বিষয়া। বয়স সত্তৰ। মৰিগাঁও নভেটীৰ বাসীন্দা।এইগৰাকী সাহিত্যিক পেঞ্চনাৰে আপোনাৰ মোৰ লেখীয়াকৈ আজৰি সময়ত আড্ডা বা টিভিৰ কাষত বহি সময় অতিবাহিত নকৰে।এওঁ আজৰি সময় অতিবাহিত কৰে এটা সত্তৰ দশকৰ গ্ৰামফোনৰ সৈতে।কবলৈ গলে বিগত সাতচল্লিশ বছৰীয়া জীৱনত আজৰি সময় পাৰ কৰে তাহানিৰ কালৰ এই গ্ৰামফোনটোৰ লগত।byte_1.mileswar patar
মৰিগাঁও এইগৰাকী সাহিত্যিকৰ মতে শেহতীয়া আবিস্কৃত আন বৈদ্যুতিক মাধ্যমতকৈ গ্ৰামফোন গীত শুনাৰ মজাই সুকীয়া। এই সুকীয়া আমেজৰ বাবেই অতি সমতনেৰে ৰাখিছে সত্তৰ দশকৰ এই বিশেষ গ্ৰামফোনটো।মাজে সময়ে বিকল হয় । মেৰামতিৰ বাবে কেৱল দিল্লীৰ চান্দনী চ'কৰ এখন বিশেষ দোকানৰ পৰা সা-সৰঞ্জাম আনি কাৰ্যক্ষম কৰি তোলে। তাহানিৰ গণশিল্পী হেমাংগ বিশ্বাসৰ পৰা ভূপন হাজৰিকালৈ।খগেন মহন্তৰ পৰা লতামংগেশকাৰৰ মোহ্মদ ৰফি লৈ। মুঠতে গ্ৰামফোনৰ যুগৰ সকলো চিৰসেউজ গীত উপলব্ধ সাহিত্যিক পেঞ্চনাৰ মিলেশ্বৰ পাতৰৰ গ্ৰামফোনৰ প্লেয়াৰত।
সৰু আকাৰৰ ৰেকড প্লেয়াৰত ৪/৫ আৰু ডাঙৰবোৰত 12-13 ৰ পৰা 14/15 কৈ থাকে জনপ্ৰিয় গীত।
সেই অনুপাতে সৰু ৰেকড প্লেয়াৰ এখনত ৩০/৪০ টকাৰ বিপৰীতে ডাঙৰ বোৰৰ দাম ৫০/৬০ টকা।
বৰ্ত্তমান বজাৰত উপলব্ধ নোহোৱা হেতু জৰা তাপলি মাৰি আটোম টোকাৰী কৈ আলাসৰ লাড়ু লেখীয়াকৈ সংগ্ৰহ কৰি ৰাখি এনেদৰেই ইটোৰ পাছত সিটো সংগীত সাগৰত আকণ্ঠ ডুবি থাকে এই গৰাকী সত্তৰ বছৰীয়া সাহিত্যিক।
গ্ৰামফোনৰে বন্ধুত্বৰ বাবেই এই গৰাকী ব্যক্তিৰ ঘৰলৈ এই শব্দ যন্ত্ৰটো প্ৰত্যক্ষ কৰিবলৈ বহুগৱেষক ছাত্ৰ ছাত্ৰী আহে মৰিগাঁৱৰ এইগৰাকী সংগ্ৰাহকৰ সমীপলৈ।
byte:. 1/2/3/4

PTC_1st_mid PTC




Conclusion:ratul deka.etvbharat.mirigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.