ETV Bharat / state

মৰিগাঁৱত আবতৰীয়া কুঁৱলীৰ আগমনত চিন্তিত চহা ৰাইজ

একাংশ ৰাইজৰ মতে খৰাঙৰ আগজাননী

মৰিগাঁৱত আবতৰীয়া কুঁৱলী
author img

By

Published : Mar 8, 2019, 2:05 PM IST

মৰিগাঁও,৮মাৰ্চ:এজাক পাতলীয়া বতাহ-বৰষুণৰ পাচত হঠাৎ কুঁৱলীয়ে আৱৰি ধৰিলে পৰিবেশ । আবতৰীয়া কুঁৱলীৰ আগমনত চিন্তিত ৰাজ্যৰ চহা ৰাইজ । বসন্তৰ আগমনৰ প্ৰাকক্ষণত শৰতৰ কুঁৱলী দেখা পাই অশনি সংকেত বহন কৰাৰ আশংকা কৰিছে খেতিয়ক ৰাইজে । আগন্তক দিনত অনাবৃষ্টি হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে মৰিগঞা একাংশ সচেতন কৃষক । অতি উদ্বেগজনক ভাৱে ৰাজ্যৰ আন ঠাইৰ লগতে মৰিগাঁৱত বাঢ়ি অহা কুঁৱলীৰ ডাঠ আৱৰণে চিন্তাত পেলাইছে চহা কৃষকসমাজক ।

Intro: আবতৰীয়া কুৱলীৰ আগমণত চিন্তিত ৰাজ্যৰ চহা সমাজ।আগন্তক দিনত আনাবৃষ্টি হোৱাৰ আশংকা মৰিগঁঞা সচেতন কৃষক সমাজৰ। শৰতৰ কুৱলী বসন্তত দেখা কাৰ্যই অশনি সংকেত কঢ়িয়াইছে বতৰ পৰিৰ্বতনত ।এই সন্দৰ্ভত আমাৰ মৰিগাঁও সাংবাদিক ৰাতুল ডেকাৰ এক প্ৰতিবেদন।

Body: খেয়ালী প্ৰকৃতি। পৰিবৰ্তিত পৰিৱৰ্তন।চ'তলৈ মাথো ছদিন। চাৰিও দিশে বসন্তক আদৰণিৰ প্ৰস্তুতি। আহিল কুলি-কেতেকী। ফুলিছে দীঘয়তি,মাখিয়তী । গছ বিৰিখত কোমল কুঁহিৰ আগমণ। পত্ৰ পুষ্পৰে জাতিষ্কাৰ হৈছে গাঁৱৰ চৌপাশৰ পৰিবেশ।
পিছে এই পৰিবেশৰ মাজতে মৰিগাঁৱত এক অভাৱনীয় পৰিবেশ। এজাক পাতলীয়া বতাহ-বৰষুণৰ পাছত হঠাৎ কুৱলী আৱৰি ধৰিলে সকলো। আহিনৰ কাতি মাহৰ দৰে হীমত দুৱৰি তিতিল। পথাৰ ঘৰ মণিব নোৰাৱা পৰিবেশ। চাওক মৰিগাঁৱৰ এই দৃশ্য ।পুৱা আঠবজালৈ কুৱলীৰ ডাঠ আৱৰণ। নমণি ওচৰৰ গাওঁ।byte:Farmer.1
চ'তৰ আগমণত এনে দৰে ডাঠ কুৱলীৰ আৱৰণ প্ৰত্যক্ষ কৰি কাৰ্যতঃ মৰিগাঁও সচেতন কৃষক চিন্তিত। বৰ্ষীয়ান কৃষকসকলে পূৰ্ব এই দৃশ্য দেখা নাই। এই হেন বসন্ত আগমণত হব লাগে বৰষুণ। অতি উদ্বেগজনক ভাৱে কুৱলী কৰা বিষয়টো বৰ গুৰুত্বপূৰ্ণ।এইয়া অনাগত দিনত ভয়াবহ বিপদৰ আগজাননী।মুখ্যতঃ ইয়াৰ প্ৰভাৱ ৰাজ্য কৃষিখণ্ডত পৰিব। byte: farmer 2
এইয়া বতৰৰ পৰিৱৰ্তন।পাৰিপাৰ্শ্বিক পৰিৱৰ্তন। মনকৰিবলগীয়া যে যদি এই কুৱলীৰ শীতৰ আগমণ হয়। শীতৰ পাছত নাথাকে বৰষুণ।আৰু যদি সেই পাৰিপাৰ্শ্বিক ৰীতি বাহাল থাকে আগন্তকদুই তিনি মাহলৈ ৰাজ্যত খৰাং হোৱাটো খাটাং।byte:farmer 3
নিশ্চিত ভাৱে শুনিলে মৰিগাঁৱৰ কৃষকৰ আশংকা।এই খেয়ালী প্ৰকৃতি পৰিবৰ্তিত ৰূপৰ ক্ষেত্ৰত বতৰ বিজ্ঞান কেন্দ্ৰ ই কি কয় সেয়া হব লক্ষ্যণীয়।

Conclusion:ratul deka.etvbharat.mor8gaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.