ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি মৰিগাঁৱত সমূহীয়া দোৱা

author img

By

Published : Aug 4, 2020, 8:37 AM IST

কাৰণ ইয়াৰ বাদে যেন এতিয়া বানত সৰ্বহাৰা হোৱা তথা খহনীয়াত বিধ্বস্ত লোকসকলৰ হাতত কোনো উপায় নাই ৷

Mass prayer to god by flood effected at Morigaon
ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি মৰিগাঁৱত সমূহীয়া দোৱা

মৰিগাঁও, 4 আগষ্ট: ৰাজ্যত বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ বানৰ কৱলত পৰিছে ৰাজ্যৰ 28 খন জিলাৰ প্ৰায় 56 লাখ লোক ৷ বানত সকলো হেৰুৱাই দিশহাৰা হৈ পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়াল ৷ সমান্তৰালৈক মৰিগাঁৱতো বানৰ সৰ্বাস্বান্ত হৈছে হাজাৰ হাজাৰ পৰিয়াল ৷ প্ৰতি দিনে ন ন পৰিয়ালে ঘৰ ভেটি হেৰুৱাই আশ্ৰয় লৈছে গছৰ তল অথবা বাঁহৰ তলত ৷ সোমবাৰে জিলাখনৰ লাহৰীঘাটৰ টেঙাগুৰী কছাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীৰ পাৰতে কোৰাণ পাঠ,দোৱা প্ৰাৰ্থনা কৰে শ শ বানাক্ৰান্ত লোকে ৷ কাৰণ ইয়াৰ বাদে যেন এতিয়া বানত সৰ্বহাৰা হোৱা তথা খহনীয়াত বিধ্বস্ত লোকসকলৰ হাতত কোনো উপায় নাই ৷

উল্লেখ্য যে,খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীৰ পাৰৰ সমুহীয়া দোৱা প্ৰাৰ্থনাত ভাগ লয় টেঙাগুৰী কছাৰী গাঁও,মহমাৰী পথাৰ,বৰহলৌ কান্দা,বটাবাৰী আদি অঞ্চলৰ খহনীয়াত বিধ্বস্ত লোকসকলে ৷ এতিয়া প্ৰশ্ন হয় এই হৃদয় বিচাৰক দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিব পাৰিব নে ৰজাঘৰীয়াৰ ৷ এই সকল সৰ্বস্বান্ত লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ৷

লগতে পঢ়কঃ অসমীয়া মানুহে নামঘৰত চাকি জ্বলালে কেনেকৈ ৰাষ্ট্ৰদ্ৰোহ হয়ঃ কৃষক মুক্তি সংগ্ৰাম সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.