মৰিগাঁও, ২৫ ফেব্ৰুৱাৰী: তিনিটা দশকৰ পিছত অৱশেষত নিৰ্মাণ কৰা হ'ল মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ স্থায়ী কাৰ্যালয় । বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নতুন কাৰ্যালয় উদ্বোধন কৰা হয় ।
কাৰ্যালয়টো উদ্বোধন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া, সৰ্বশিক্ষা অভিযান মিছনৰ সমন্বয়ক তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ কমল জ্যোতি গগৈয়ে । নাম-প্ৰসংগ কৰি ধৰ্মীয় ৰীতি-নীতিৰে নতুন কাৰ্যালয়ত প্ৰৱেশ কৰে বিষয়া-কৰ্মচাৰীসকলে । এই অনুষ্ঠানত জিলাখনৰ আটাইকেইটা শিক্ষক সংগঠনৰ সভাপতি, সম্পাদক উপস্থিত থাকে ।
জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ কমল জ্যোতি গগৈয়ে কয় যে, ইয়াৰ পূৰ্বে দুটা পৃথক স্থানত দুটা কাৰ্যালয়ত একেজন বিষয়াই কাম-কাজ কৰিবলগীয়া হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । এতিয়াৰে পৰা জিলাখনৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত শিক্ষা বিভাগৰ আটাইকেইগৰাকী শীৰ্ষ বিষয়াই একেলগে কাম কৰাত সুবিধা হ'ব ।
লগতে পঢ়ক:বৰাক নৈত জাপ দি আত্মহত্যা শিলচৰৰ যুৱকৰ