ETV Bharat / state

খহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল মৰিগাঁও

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ৷ অঞ্চলটোত বৰলুইতৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ ইতিমধ্যে বৰলুইতৰ খহনীয়াত জাহ গৈছে বহু কৃষি ভূমি ৷

author img

By

Published : Sep 28, 2020, 10:56 AM IST

Human chain at Morigaon to stop erosion
খহনীয়া প্ৰতিৰোধৰ দাবী কৰি উত্তাল মৰিগাঁও

মৰিগাঁও, 28ছেপ্টেম্বৰ: আজি মৰিগাঁও জিলাৰ ভূৰাগাঁৱত শতাধিক ৰাইজে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ৷ বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধানৰ দাবীত স্থানীয় ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

দীৰ্ঘদিনে লাহৰীঘাটৰ ভূৰাগাঁও অঞ্চলত বৰলুইতে সন্ত্ৰাস চলাই আহিছে ৷ বৰলুইতৰ খহনীয়াত জাহ গৈছে বহু শিক্ষানুষ্ঠান, মছজিদ-মন্দিৰৰ লগতে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এই খহনীয়া প্ৰতিৰোধৰ বাবে বহুবাৰ আৱেদন জনাই আহিছে যদিও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ যাৰ বাবে আজি ভূৰাগাঁওবাসী ৰাইজে হাতে হাতে প্লে-কাৰ্ডলৈ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

অন্য এক খবৰৰ বাবে: জন্মদিন বিশেষঃ লতা মংগেশকাৰৰ যাদুকৰী কন্ঠৰে নিগৰা শ্ৰেষ্ঠ গীতসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.