ধিং, 31 জানুৱাৰী : মৰিগাঁও জিলাৰ লাহৰীঘাটত ছাত্ৰীৰ আত্মহত্যা ৷ চিপ লৈ আত্মহত্যা কৰে ছাত্ৰী গৰাকীয়ে ৷ মামনি সৰকাৰ নামৰ ছাত্ৰী গৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত আছিল ৷
জানিব পৰা মতে, দেওবাৰে পুৱা মাকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল ছাত্ৰী গৰাকী ৷ তৰ্কাতৰ্কিৰ পিচতে ঘৰৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰে ছাত্ৰী গৰাকী ৷ ঘটনাক লৈ সম্প্ৰতি সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা: নিহত এজন