ETV Bharat / state

এন আৰ চিত নাম নাই মৰিগাঁৱৰ অসম আন্দোলনৰ নেতাৰ

মৰিগাঁও চৰাইবাহীৰ প্ৰদীপ বৰদলৈয়ে অসম আন্দোলনৰ লগতে আন জাতীয় আন্দোলনতো গ্ৰহণ কৰিছিল সক্ৰিয় ভূমিকা । আনকি অসম আন্দোলনৰ সময়ত কাৰাগাৰতো বন্দিত্ব জীৱন কটাইছিল প্ৰদীপ বৰদলৈয়ে ৷

NRCত বাদ পৰিল মুক্তি যুঁজাৰু আৰু অসম আন্দোলনৰ নেতাৰ নাম
author img

By

Published : Jul 10, 2019, 4:18 PM IST

মৰিগাঁও, ১০ জুলাই: এন আৰ চিত বাদ পৰিল 1942ৰ গণ আন্দোলনৰ সন্তান তথা অসম আন্দোলনৰ নেতাৰ নাম । মৰিগাঁৱৰ প্ৰয়াত মুক্তি যুঁজাৰু কামেশ্বৰ বৰদলৈৰ পুত্ৰ তথা অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰদীপ বৰদলৈৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নোহোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

NRCত বাদ পৰিল মুক্তি যুঁজাৰু আৰু অসম আন্দোলনৰ নেতাৰ নাম

42ৰ গণ আন্দোলনৰ আগশাৰীৰ সেনানী আছিল কামেশ্বৰ বৰদলৈ । তেওঁৰ সংগ্ৰাম আৰু ত্যাগক স্বীকৃতি দিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰকাৰেও। পেঞ্চন আৰু তাম্ৰপত্ৰ প্ৰদানেৰে কামেশ্বৰ বৰদলৈক সন্মানিত কৰা হৈছিল ৷ পানীখাইটিত ব্ৰিটিছৰ ৰে'ল বগৰাই দিয়া সেনানীসকলৰ অন্যতম মৰিগাঁৱৰ এইজন কামেশ্বৰ বৰদলৈক অসম চৰকাৰে তাম্ৰপত্ৰ প্ৰদানেৰে সন্মান জনাইছিল । এইগৰাকী মুক্তি যুঁজাৰু কামেশ্বৰ বৰদলৈ পুত্ৰৰ হৈছে প্ৰদীপ বৰদলৈ । মৰিগাঁও চৰাইবাহীৰ প্ৰদীপ বৰদলৈয়ে অসম আন্দোলনৰ লগতে আন জাতীয় আন্দোলনতো গ্ৰহণ কৰিছিল সক্ৰিয় ভূমিকা । আনকি অসম আন্দোলনৰ সময়ত কাৰাগাৰতো বন্দিত্ব জীৱন কটাইছিল প্ৰদীপ বৰদলৈয়ে ৷ সম্প্ৰতি জাগীৰোডৰ বাসিন্দা প্ৰদীপ বৰদলৈয়ে এন আৰ চি কৰ্তৃপক্ষক সকলো নথি-পত্ৰ যোগান ধৰিছে । কিন্তু নাগৰিকপঞ্জীত তেওঁৰ নাম পঞ্জীয়ন নোহোৱাত সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিলে মুক্তি যুংজাৰুৰ সন্তান তথা অসম আন্দোলনৰ সক্ৰিয় নেতা প্ৰদীপ বৰদলৈয়ে ৷

Intro:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণত বাদ পৰিল ' ৪২ ৰ মুক্তি যুঁজাৰু কামেশ্বৰ বৰদলৈ আৰু অসম আন্দোলনৰ নেতাৰ নাম। Body: '৪২ স্বাধীনতা সংগ্ৰামৰ আগশাৰীৰ সেনানী কামেশ্বৰ বৰদলৈ। যাৰ নাম বগা বঙালৰ ৰঙাবহীত আজিও আছে জিলিকি। যাৰ ত্যাগক স্বীকৃতি দিছিল প্ৰয়াত তথি তদানীন্তন প্ৰধানমন্ত্ৰীৰ ইন্দিৰা গান্ধীৰ কেন্দ্ৰীয় চৰকাৰে । পানীখাইতিৰ বৃটিছ ৰেল বাগৰাই দিয়া সেনানীসকলৰ অন্যতম এইজন মহান ভাৰতীয়ক অসম চৰকাৰেও জনালে সন্মান ।দিলে স্মাৰক ।আজিৰ তিৰিখটো মৃত্যুঞ্জয়ৰ পাতে পাতে মৃত্যুঞ্জয় কামেশ্বৰ বৰদলৈয়ে কৰা দেশৰ বাবে কৰা ত্যাগ । পিছে সেইজন বীৰ ,মহান ভাৰতীয় সেনানী পৰিয়ালৰ নাম নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত। শুনক মুক্তি যুঁজাৰু পুত্ৰ প্ৰদীপ বৰদলৈৰ মুখেৰে ।byte1 pradip bardoloi.
হয় ঠিকেই শুনিছে আপুনি ।এইগৰাকী মুক্তি যুঁজাৰু কামেশ্বৰ বৰদলৈ পুত্ৰ তেই তেওঁৰ পৰিচয় অন্ত হোৱাৰ নাই। মৰিগাঁও চৰাইবাহীৰ এইগৰাকী প্ৰদীপ বৰদলৈয়ে অসম আৰু অসমীয়া অস্তিত্ব ৰক্ষাৰ নামত হোৱাৰ সকলো আন্দোলনত জঁপিয়াই আই মাতৃৰ সেৱাত জীৱন আগবঢ়াই আহিছে ।সম্প্ৰতি জাগীৰোডৰ বাসিন্দা প্ৰদীপ বৰদলৈৰ লেখীয়া খিলঞ্জীয়াৰ নাম পঞ্জীভূক্ত কৰিবলৈ সকলো নথিপত্ৰ যোগান ধৰিছে এন আৰ চি কতৃপৰ্ক্ষক । তথাপি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নহল পঞ্জীয়ন। সেয়েহে ক্ষোভ আৰু আক্ষেপ ।bytes 2. Pradop bardoloi Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.