মৰিগাঁও,12 জুলাই: বানৰ কৱলত পবিতৰা অভয়াৰণ্য ৷ অভয়াৰণ্য খনৰ 50 শতাংশ পানীৰ কৱলত ৷ কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি তুলিছে পবিতৰা অভয়াৰণ্য ।
অভয়াৰণ্যখনৰ 50 % শতাংশ বুৰাই পেলোৱাৰ ফলত পাগলাডুবা, হাঁহচৰা, ধলী বনশিবিৰ এলেকা পানীৰে উপচি পৰিছে । ইতিমধ্যে গঁড়ৰ লগতে অন্যান্য জীৱ জন্তুই নিৰাপদ ওখ স্থানলৈ ঢাপলি মেলিছে । বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জানিবলৈ দিয়া মতে বানৰ সুযোগ কৰি যাতে চোৰাং চিকাৰীয়ে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে চোকা পহৰাৰ ব্যৱস্থা কৰিছে আৰু জীৱ জন্তু খাদ্য সংকটত নপৰে তাৰে বাবে ব্যৱস্থা গ্ৰহণ কৰিছে পবিতৰাৰ বন বিভাগে । বানৰ কৱলত থকা বনশিবিৰৰ বনকৰ্মীয়ে হাত নাৱেৰে কৰ্তব্য পালন কৰি আছে।