ETV Bharat / state

CM in Jonbeel mela: জোনবিল মেলাত উপস্থিত হৈ ৰাইজক ঐক্য-পৰম্পৰা ধৰি ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jan 20, 2023, 9:01 PM IST

জোনবিল মেলাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশ বিঘা ভূমি জোনবিল মেলা পৰিচালনা সমিতিক দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM in Jonbeel mela) । মৰিগাঁৱৰ ঔগুৰিৰ পৰা পশ্চিম কাৰ্বি আলঙলৈ জৰাজীৰ্ণ পথচোৱা শীঘ্ৰেই মেৰামতি কৰাৰো আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে ৷

CM in Jonbeel mela
জোনবিল মেলাত মুখ্যমন্ত্ৰী
জোনবিল মেলাত মুখ্যমন্ত্ৰী

মৰিগাঁও, 20 জানুৱাৰী: "মই গভীৰভাৱে বিশ্বাস কৰোঁ এটা জাতি ভাষা, কৃষ্টি-সংস্কৃতি, পৰম্পৰা আদিৰ সজীৱতাৰ ওপৰতহে এটা জাতি বা জনগোষ্ঠীৰ ৰূপৰেখা নিৰূপণ কৰিব পাৰি । সংস্কৃতিৰ পৰিসৰ বুলিলে কেৱল নাচ-গানৰ মাজতে সীমাবদ্ধ নহয় ।" শুকুৰবাৰে ঐতিহাসিক জোনবিল মেলাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma attended Jonbeel Mela) । তিৱা জনগোষ্ঠীটোৰ সুকীয়া বৈশিষ্ট্য, পৰম্পৰা সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, যিকোনো এটা জাতি বা জনগোষ্ঠীৰ সংস্কৃতিৰ বৰঘৰটো দুৰ্বল হ‘বলৈ দিলে বিশ্বায়নৰ আগ্ৰাসনত ডুব যাব ।

উল্লেখযোগ্য যে, শুকুৰবাৰ জোনবিলৰ বাকৰিত গোভাৰজাৰ লগতে আন সোতৰগৰাকী প্ৰতীকী ৰজাক বিগত বছৰ সমূহৰ বিপৰীতে এইবেলি এক লাখ পঁচিশ হাজাৰ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ জোনবিল মেলাৰ বাবে বিশ বিঘা মাটি যোগাৰ কৰিবলৈও স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক দায়িত্ব দিয়ে মুখ্যমন্ত্ৰীয়ে (Govt decides to provide land fo Jonbeel mela) ৷ আগন্তুক জোনবিল মেলাৰ মেলা পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰিব পৰাকৈ মাটি যোগাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

মুখ্য অতিথিৰ ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই জনগোষ্ঠীৰ পৰম্পৰা, খাদ্যাভাসসমূহ বৰ্তাই ৰখাৰ স্বাৰ্থত তথা বিলাতী সুৰাৰ প্ৰতি মোহ এৰি দিয়াৰ স্বাৰ্থত এনে নৃগোষ্ঠীয় মেলা সমূহত সাজপানী, ৰহি, ফটিকা বা আপং আদি দ্বিধাহীনভাৱে সেৱন কৰিবলৈও মুকলিকৈ ঘোষণা কৰে (Traditional foods in Jonbeel mela) । আনহাতে পাহাৰ আৰু ভৈয়ামৰ মাজত যাতে সমন্বয়ৰ জৰীডাল মজবুত কৰিব পাৰে, ইয়াৰ বাবে মৰিগাঁৱৰ ঔগুৰিৰ পৰা পশ্চিম কাৰ্বি আলঙলৈ জৰাজীৰ্ণ পথচোৱা শীঘ্ৰেই উন্নত কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক: Second day of Jonbeel Mela: পাহাৰ ভৈয়ামৰ লোকে অনা বিভিন্ন সামগ্ৰীৰ বিনিময়ৰে আৰম্ভ জোনবিল মেলাৰ দ্বিতীয়টো দিন

জোনবিল মেলাত পাহাৰৰ উৎপাদিত খাদ্য সম্ভাৰৰ সৈতে ভৈয়ামৰ উৎপাদিত খাদ্য সামগ্ৰীৰ সলনি কৰোঁতে পাহাৰৰ লোকসকলক অধিক সামগ্ৰী প্ৰদান কৰাৰ বাবে ভৈয়ামবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ (Jonbeel Mela news) । মন কৰিবলগীয়া যে, ঔগুৰি- উমচুৱাই পথ নিৰ্মাণ কৰা, খাদ্য-সাজপাৰৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে বিশেষ মন্তব্য কৰে । তেওঁ কয়, আধুনিকতা আৰু পৰম্পৰা আঁজুৰি ৰাখিব পাৰিলেহে বিশ্বায়ন যুগত জীয়াই থাকিব পৰা যাব (Jonbeel Mela in Morigaon) ৷

ঐতিহাসিক জোনবিলৰ পাৰত তিনি দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে জোনবিল মেলা ৷ শুকুৰবাৰে পুৱা পাঁচ বজাৰ পৰা জোনবিল মেলাৰ বাকৰিত অনুষ্ঠিত হৈছে প্ৰাচীনতম বিনিময় প্ৰথা । এই বিনিময় প্ৰথাৰ সম্পাদন কৰিবলৈ চুবুৰীয়া ৰাজ্যৰ মেঘালয়, কাৰ্বিপাহাৰৰ পৰা দুই তিনি দিনৰ পূৰ্বেই আহি শিবিৰ পাতিছেহি মামা-মামীসকলে (Barter system in Jonbeel Mela) ৷

শুকুৰবাৰে ভৈয়ামৰ ভাগিন-ভাগিনীহঁতৰ সৈতে পাহাৰত উৎপাদিত খাদ্য সম্ভাৰ তথা আলু- কচু, বেঙেনা, লা, হালধি, জালুক আদি বিনিময় কৰি ভোগালীৰ সামগ্ৰী সংগ্ৰহ কৰে এইসকল লোকে । পুৱা ছয় বজাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই বিনিময় প্ৰথাৰ । কাইলৈ অন্ত পৰিব জোনবিল মেলা ৷

লগতে পঢ়ক: Jonbeel Mela 2023: ৰমাকান্ত দেউৰীৰ গীতৰ তালে তালে মুখ্যমন্ত্ৰীৰ হাত চাপৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.