মৰিগাঁও, 2 জুন : মঙলবাৰে মৰিগাঁৱত উপস্থিত হৈ জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ মৰিগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত জিলা উপায়ুক্ত সীমা ৰেখা ভূঞাৰ পৰা জিলাখনৰ সামগ্ৰীক পৰিস্থিতিৰো বুজ লয় মুখ্য সচিবগৰাকীয়ে ৷
ইয়াৰ উপৰিও মুখ্য সচিব গৰাকীয়ে জিলাখনত ক’ভিড বিধি প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত কঠোৰ আৰু সতৰ্ক হোৱাৰ নিৰ্দেশ দিয়ে ৷ তাৰোপৰি কোৱাৰেণ্টাইন জ’নত থকা লোকসকলৰ ক্ষেত্ৰত চৰকাৰী সাহায্য বিতৰণৰো বুজ লয় ৰাজ্যৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷
উল্লেখ্য যে, মৰিগাঁও জিলা আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকতে আগন্তুক দিনত জিলাখনৰ বান পৰিস্থিতিক কেনেদৰে মোকাবিলা কৰি জিলাবাসীক নিৰাপদে ৰাখিব পাৰে এই সন্দৰ্ভতো আলোচনা কৰে ।
মঙলবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত গৰ্গৰাম দাসৰ উপৰি আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনো উপস্থিত থাকে ।
লগতে পঢ়ক : কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে অখিল গগৈয়ে