ETV Bharat / state

BJP workers hooliganism: সাংসদ প্ৰদ্যুৎ বৰদলৈক আধাৰশিলা স্থাপনত বাধা পীযুষ হাজৰীকাৰ সমৰ্থকৰ - MP Pradyut Bordoloi prevented from entering

নেলীত বিজেপি সমৰ্থকৰ গুণ্ডাগিৰি ৷ মৰিগাঁও জিলাৰ নেলীত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈক সাংসদ পুঁজি আঁচনিৰ আধাৰশিলা কৰাত বাধা একাংশ পীযুষ হাজৰীকাৰ সমৰ্থকৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

BJP workers hooliganism
সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰৱেশত বাধা বিজেপি কৰ্মীৰ
author img

By

Published : Jul 18, 2023, 10:38 PM IST

সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰৱেশত বাধা বিজেপি কৰ্মীৰ

মৰিগাঁও, 18 জুলাই : "মই মন্ত্ৰী পীযুষ হাজৰীকাক কৈছো, জাগীৰোড সমষ্টিটো মন্ত্ৰী পীযুষ হাজৰীকাই নিজৰ জমিদাৰী বুলি ভাবিব নালাগে ৷ মই এটা কথাই ক'ব খুজিছো যে এনেদৰে ভয়-ভাবুকি, গুণ্ডা-গাদ্দাৰীয়ে ক্ষমতাত থাকিলে বুলিয়ে গৰম ভাতৰ ধোঁৱাই মূৰত ধৰিলে নহ'ব ৷ ৰাইজে চাই আছে ৷ আমাৰ কংগ্ৰেছৰ সমৰ্থকসকলক ভয়-ভাবুকিৰে নানা ধৰণৰ হাৰাশাস্তি দি আহিছে ৷ বসুমতাৰী বাইদেৱৰ মাটি বেদখল কৰিছে ৷ এনেকুৱা ওভত-গোৰে নচা কাম কাজ সদায় নচলিব ৷" মন্ত্ৰী পীযুষ হাজৰীকাক সমালোচনা কৰি এই মন্তব্য প্ৰকাশ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ কিন্তু কিয় খং উঠিল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ?

দৰাচলতে মঙলবাৰে মৰিগাঁও নেলীত সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰৱেশত বাধা প্ৰদান কৰে একাংশ বিজেপি কৰ্মীয়ে ৷ সাংসদ‌ পুঁজিৰ 2021-22 বিত্তীয় বৰ্ষৰ পুঁজিৰে এখন কবৰস্থানৰ চৌহদৰ পকীবেৰৰ আধাৰশিলা স্থাপন‌ কৰিবলৈ যোৱাৰ সময়তে পথত আগচি ধৰি বিজেপিৰ সমৰ্থকে ৷ সাংসদ গৰাকীক বিগত চাৰি বছৰে নেলীৰ বৰপাক অঞ্চললৈ খবৰ ল'বলৈ আহৰি নথকাক অভিযোগ তুলি উপৰ্যুপৰি প্ৰশ্নবাণ বিজেপি কৰ্মীৰ ৷ চাৰি বছৰে নেলী অঞ্চললৈ কিয় অহা নাছিল সাংসদ বৰদলৈ? ইয়াৰ পিচতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থক আৰু বিজেপি সমৰ্থনৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷

এই ঘটনাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী ৷ নিৰ্বাচন সমগত বাবে এতিয়া উক্ত স্থানত সাংসদগৰাকী উপস্থিত হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ কৰ্মীসকলে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দ্বাৰা দুটাকৈ আঁচনিৰ আধাৰশিলা কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ জিন্দাবাদ , প্ৰদ্যুৎ বৰদলৈ ওৱেলকাম আদি শ্লোগান দিয়ে ৷

ইফালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে স্পষ্ট মন্তব্য প্ৰকাশ কৰি কয় যে, ‘‘পীযুষক কবা পীযুষ তোমালোকৰ নেতাতো , পীযুষ হাজৰীকা জিন্দাবাদ জিন্দাবাদ কৈ আছা তোমালোকে, এনেকৈ গুণ্ডা-গাদ্দাৰী, ছিণ্ডিকেটৰ মানুহ লৈ বাধা দিয়াটো শোভা নাপায় ৷ পীযুষ হাজৰীকাও কংগ্ৰেছী আছিল ৷’’

লগতে পঢ়ক: Noida Loot Murder : চিকিৎসকৰ কন্যাক হত্যা কৰি ২৫ লাখ ডকাইতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.