ETV Bharat / state

Assam man missing : বিহাৰৰ ৰে’লৱে ষ্টেচনৰ পৰা সন্ধানহীন অসমৰ যুৱক

author img

By

Published : May 5, 2023, 7:36 PM IST

বিহাৰ ৰে’লৱে ষ্টেচনত অসমৰ যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ ৷ তাৰ পিচৰে পৰা যোৱা 4 দিন ধৰি নিখোজ হৈ আছে শ্ৰমিকগৰাকী ৷ পৰিয়ালটোৱে ৰে’লৱে আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও শুংসূত্ৰ লাভ কৰা নাই শ্ৰমিক বুবুল কাকতিৰ (Bubul Kakati missing case)।

Assam Man missing at Bihar railway station
বিহাৰৰ ৰে’লৱে ষ্টেচনৰ পৰা সন্ধানহীন অসমৰ যুৱক

মৰিগাঁও, 5 মে’: পুনৰ বহিঃৰাজ্যত নিখোজ হৈছে অসমৰ যুৱক (Assam Man missing at Bihar) ৷ গুজৰাটৰ পৰা ঘৰলৈ ৰে’লেৰে আহি থকাৰ সময়ত বিহাৰত মৰিগাঁও লোকাকুছিৰ শ্ৰমিক বুবুল কাকতিক প্ৰথমে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিছিল দুৰ্বৃত্তৰ দলে (Assam Man missing at Bihar railway station) ৷ তাৰ পিচৰে পৰা যোৱা 4 দিন ধৰি নিখোজ হৈ আছে শ্ৰমিকগৰাকী ৷ পৰিয়ালটোৱে ৰে’লৱে আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও শুংসূত্ৰ লাভ কৰা নাই শ্ৰমিক বুবুল কাকতিৰ (Bubul Kakati missing case)।

প্ৰাপ্ত তথ্য অনুসৰি মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত লোকাকুছি গাঁৱৰ ৪৫ বছৰীয়া বুবুল কাকতিয়ে বিগত এবছৰ ধৰি গুজৰাটৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল (Assam man working in Gujarat) ৷ যোৱা কাতি বিহুত ঘৰৰ পৰা উভতাৰ পাচত শাৰীৰিক অসুস্থতাৰ বাবে ঘৰলৈ আহি আছিল অসমৰ শ্ৰমিক বুবুল কাকতি। ৰে’লেৰে ঘৰলৈ আহি থকা শ্ৰমিক বুবুল কাকতি বিহাৰত প্ৰৱেশৰ পাচতে দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ কৰে কাকতিৰ ওপৰত।

আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বুবুল কাকাতিয়ে নিজৰ সমস্ত ধন,বয়-বস্তু দি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও দুৰ্বৃত্তৰ আক্ৰমণ অব্যাহত থাকে ৷ কোনোমতে সুযোগ বুজি বুবুল কাকতিয়ে নিজৰ জ্যেষ্ঠ ভাতৃক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ এই কথা শুনি ভাতৃয়ে বুবুলক পৰৱৰ্তী ষ্টেচনত নামি অন্য ৰে’লত যাত্ৰা কৰাৰ পৰামৰ্শ দিয়ে ৷ সেইটোৱেই আছিল বুবুল কাকতিৰ সৈতে পৰিয়ালৰ শেষ যোগাযোগ (Assam man brutally beaten by miscreants)।

এই ঘটনাৰ সন্দৰ্ভত জনাৰ পাচত পত্নীয়ে বুবুলৰ লগত যোগাযোগ স্থাপন কৰিবলৈ যত্ন কৰাত দুৰ্বৃত্তৰ দলটোৱে অশ্লীল ভাষা প্ৰয়োগ কৰি তেঁওক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। লগতে দ্বিতীয়বাৰ যোগাযোগ নকৰিবলৈ কয়। ফলত অধিক আতংকিত হৈ পৰে পৰিয়ালৰ লোকসকল। বৰ্তমানলৈকে বুবুল কাকতি সন্দৰ্ভত কোনো খবৰ লাভ কৰা নাই পৰিয়ালৰ লোকে।

উল্লেখ্য যে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে জাগীৰোড ৰে'ল আৰক্ষী আৰু পল্টন বজাৰৰ ৰে'ল আৰক্ষীৰ ওচৰত JID GRP PP GDE NO 19 DTD নম্বৰৰ এক অভিযোগ দাখিল কৰিছে । ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও কোনো তথ্য লাভ কৰিব পৰা নাই।

স্মৰ্তব্য যে বুবুল কাকতি আছিল পৰিয়ালটোৰ বাবে একমাত্ৰ উপাৰ্জনকাৰী। দুই কণমানি সন্তানৰ হৈছে কেনেদৰে দিন পাৰ কৰিব বুবুল কাকতিৰ পৰিয়ালে তাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলবাসী । গতিকে এক সু- ন্যায় বিচাৰিছে অঞ্চলবাসীৰ লগতে পৰিয়ালৰ লোকে (Family demand Bubul kakati )। অচিৰেই বুবুলক বিচাৰি আনিবলৈ দাবী উত্থাপন কৰে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Anan Tanti encounter: আনন তাঁতীক এনকাউণ্টাৰৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.