ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ অনুৰাগ গোৱেলৰ

author img

By

Published : Jul 18, 2021, 10:35 PM IST

দেওবাৰে জাগীৰোডৰ নিজৰাপাৰৰ সৰুমাই বৰা কলিতা আৰু মিকিৰভেটাৰ হেকুদাংবড়ীৰ ৰেখাৰাণী কোঁৱৰ বৰদলৈক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অৰ্থ সাহায্যৰ চেক বিতৰণৰ কৰে মৰিগাঁও জিলাৰ অভিভাৱক সচিব তথা অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে ।

anurag-goel-distributes-cheques-of-cms-support-fund-to-beneficiary-in-marigaon
মৰিগাঁৱত স্বামীহাৰ মহিলাক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ চেক বিতৰণ অনুৰাগ গোৱেলৰ

মৰিগাঁও, 18 জুলাই : ক’ভিড (COVID-19) মহামাৰীত মৃত্যু হোৱা স্বামীহাৰা বিধৱা মহিলাসকলক মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত এককালীন সাহায্য দিবলৈ দেওবাৰে মৰিগাঁও জিলাৰ (MORIGAON DISTRICT) আৱৰ্ত ভৱনত এখন বিশেষ সভা অনুষ্ঠিত হয় ৷ সভাখনত জাগীৰোডৰ নিজৰাপাৰৰ সৰুমাই বৰা কলিতা আৰু মিকিৰভেটাৰ হেকুদাংবড়ীৰ ৰেখাৰাণী কোঁৱৰ বৰদলৈক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অৰ্থ সাহায্যৰ চেক বিতৰণ কৰে মৰিগাঁও জিলাৰ অভিভাৱক সচিব তথা অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে । ইপিনে সচিব গৰাকীয়ে ক’ভিড মহামাৰীৰ বাবে স্বামী হেৰুওৱা দুগৰাকী বিধৱা মহিলাক চেক প্ৰদান কৰাৰ উপৰিও জিলাখনৰ সামগ্ৰিক ক‘ভিড-19 পৰিস্থিতিৰ বুজ লয় ।

anurag-goel-distributes-cheques-of-cms-support-fund-to-beneficiary-in-marigaon
স্বামীহাৰা মহিলাক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ অনুৰাগ গোৱেলৰ

ইয়াৰ পূৰ্বেও মৰিগাঁও জিলাত ক‘ভিড-19 ৰ ফলত স্বামী হেৰুওৱা ২৪ গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিছে । দেওবাৰৰ সভাত জিলা উপায়ুক্ত সীমাৰেখা ভূঞাৰ উপৰিও অতিৰিক্ত উপায়ুক্তসকল উপস্থিত থাকে ৷ একেদৰে উপস্থিত থাকে জিলাখনৰ স্বাস্থ্য বিভাগৰ বিষয়াসকল ৷ উল্লেখযোগ্য যে, চৰকাৰৰ ফালৰ পৰা স্বামীহীনা মহিলাসকলৰ সমান্তৰালকৈ পিতৃ-মাতৃ হেৰুৱাই অনাথ হোৱা শিশুসকলৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ আঁচনি আনিছে বুলি সদৰী কৰে স্বাস্থ্য বিভাগৰ সচিবগৰাকীয়ে ৷

আশা কৰা হৈছে এই মহামাৰী ক’ভিড-19 ৰ ফলত পিতৃ-মাতৃ তথা অভিভাৱকবিহীন হোৱা শিশুসকল এই আঁচনিৰ জৰিয়তে উপকৃত হ‘ব ৷

লগতে পঢ়কঃ শক্তি বিভাগক শক্তিশালী কৰিবলৈ বিমল বৰাই বিচাৰিলে ৰাইজৰ সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.