ETV Bharat / state

মৰিগাঁৱত 15 দিনীয়া দুঃসাহসিক ক্ৰীড়া প্ৰশিক্ষণ - নৱ কুমাৰ ফুকন

মৰিগাঁও চাৰণ বিল কমপ্লেক্সত মঙলবাৰে সফল সামৰণি পৰে দুঃসাহসিক ক্ৰীড়া প্ৰশিক্ষণৰ ৷ এই প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে নৱ কুমাৰ ফুকনে অংশগ্ৰহণ কৰে ৷

মৰিগাঁৱত 15 দিনীয়া দুঃসাহসিক ক্ৰীড়া প্ৰশিক্ষণ
author img

By

Published : Jul 30, 2019, 10:09 PM IST

মৰিগাঁও, 30 জুলাই : 15 দিনীয়া কাৰ্যসূচীৰে জুলাইৰ 16 তাৰিখৰ পৰা মৰিগাঁৱত আৰম্ভ হোৱা দুঃসাহসিক ক্ৰীড়া প্ৰশিক্ষণৰ মঙলবাৰে সফল সামৰণি পৰে ৷ অসম পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিষ্ঠানৰ উদ্যোগত মৰিগাঁও চাৰণ বিল কমপ্লেক্সৰ সভাকক্ষত দহখন জিলাৰ প্ৰায় চল্লিশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে নৱ কুমাৰ ফুকনে অংশগ্ৰহণ কৰাৰ উপৰি আন ছয় গৰাকী প্ৰশিক্ষকে পৰ্বতাৰোহণ,সাঁতোৰ,নৌকাচালন আদিৰ প্ৰশিক্ষণ আগবঢ়ায় ৷ প্ৰশিক্ষণৰ অন্তত মঙলবাৰৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী প্ৰতিজন প্ৰশিক্ষাৰ্থীকে মানপত্ৰ প্ৰদান কৰা হয় ৷

মৰিগাঁৱত 15 দিনীয়া দুঃসাহসিক ক্ৰীড়া প্ৰশিক্ষণ

চাৰণবিল কমপ্লেক্সৰ সভাকক্ষত অনুষ্ঠিত সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে বঘৰা মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ ৰাজাই। সভাপতিৰ ভাষণত তেওঁ প্ৰশিক্ষাৰ্থী সকলক জীৱনৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। মুখ্য প্ৰশিক্ষক নৱ কুমাৰ ফুকনে আঁত ধৰা সামৰণি অনুষ্ঠানত চাৰণবিল কায়াকিং,কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰৰ তত্বাৱধায়ক অনন্ত কুমাৰ বৰঠাকুৰ,মৰিগাঁও জিলাৰ সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি জগদীশ নাথ,গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ শইকীয়াৰ উপৰি কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক,জিলা ক্ৰীড়া বিষয়া,কৰ্মচাৰী আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Intro:অসম পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিষ্ঠানৰ উদ্যোগত মৰিগাঁৱত ১৫দিনীয়া দুঃসাহসিক ক্ৰীড়া প্ৰশিক্ষণৰ সফল সামৰণি।

Body:16 জুলাইৰ পৰা 30 জুলাই লৈ মৰিগাঁৱত অনুষ্ঠিত হোৱা দুঃসাহসিক ক্ৰীড়া প্ৰশিক্ষণৰ সফল সামৰণি।অসম পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিষ্ঠানৰ উদ্যোগত মৰিগাঁও চাৰণ বিল কমপ্লেক্সত অনুষ্ঠিত হোৱা এই পষেকীয়া প্ৰশিক্ষণত দহখনজিলাৰ চল্লিশ জন মুখ্য প্ৰশিক্ষণক নৱ কুমাৰ ফুকনৰ উপৰিও আনছয় গৰাকী আগশাৰী প্ৰশিক্ষকে পৰ্বতাৰোহণ, সাতোৰ,নৌকাচালন আদিৰ প্ৰশিক্ষণ আগবঢ়াই। প্ৰশিক্ষণৰ অন্তত মঙ্গল বাৰে সামৰণি অনুষ্ঠানত দিয়া হয় মানপত্ৰ। চাৰণবিল কমপ্লেক্সৰ সভাকক্ষত এই সামৰণি অনুষ্ঠান পৌৰহিত্য কৰে বঘৰা মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ ৰাজাই। সভাপতিৰ ভাষণত দীলিপ ৰাজাই প্ৰশিক্ষাৰ্থী সকলক জীৱনৰ লক্ষ্য স্হিৰ কৰি আগবাঢ়ি বলৈ আহবান জনায়।
মুখ্য প্ৰশিকক্ষক নৱ কুমাৰ ফুকনে আতধৰা সামৰণি অনুষ্ঠানত চাৰণবিল কায়াকিং,কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰৰ তত্বাৱধায়ক অনন্ত কুমাৰ বৰঠাকুৰ, মৰিগাঁও জিলাৰ সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি জগদীশ নাথ, গুৱাহাটী জ্যেষ্ঠ সাংবাদিক কিশোৰ শইকীয়াৰ উপৰিও কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক, জিলা ক্ৰীড়া বিষয়া,কৰ্মচাৰী ৰ প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্হিত থাকি প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ,ট্ৰফি আগবঢ়াই।byte:1, district spst officer
2,trainee

Conclusion:ratul deka etv bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.