ETV Bharat / state

জুবিনে উচিত সময়ত উচিত সিদ্ধান্ত লৈছেঃ পীযূষ হাজৰিকা - 627 people join to BJP at morigaon jagiroad

জাগীৰোডত মঙলবাৰে বিজেপিত যোগদান কৰে কংগ্ৰেছ, বিজেপি আৰু আছুৰ 627 গৰাকী সদস্যই ৷ যোগদান কাৰ্যসূচীত মন্ত্ৰী পীযূষ হাজৰিকা উপস্থিত থাকি সমগ্ৰ ৰাজ্যত বিজেপি যোগদানৰ জোৱাৰ উঠিছে বুলি মত প্ৰকাশ কৰে ৷ লগতে জুবিনে উচিত সময়ত উচিত সিদ্ধান্ত লৈছে বুলি মত প্ৰকাশ কৰে পীযূষ হাজৰিকাই ৷

পীযূষ হাজৰিকা
জুবিনে উচিত সময়ত উচিত সিদ্ধান্ত লৈছেঃপীযূষ হাজৰিকা
author img

By

Published : Aug 12, 2020, 3:13 PM IST

মৰিগাঁও, 12 আগষ্টঃ "সমগ্ৰ অসমত আছুৰ পৰা আহি বিজেপিত যোগদানৰ জোৱাৰ উঠিছে ৷ গতিকে আছুৰ নেতৃত্বত গঠন হ'বলগীয়া দল অতি নিশকতীয়া হ'ব ৷ সেই দলে বিজেপিৰ সৈতে যুঁজিব নোৱাৰে ৷" মঙলবাৰে জাগীৰোডত অনুষ্ঠিত হোৱা বিজেপি দলৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য কৰে জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকাই ৷

জুবিনে উচিত সময়ত উচিত সিদ্ধান্ত লৈছেঃপীযূষ হাজৰিকা

আনহাতে, অসমৰ ৭০ টা সংগঠনক তাচ্ছিল্যসূচক মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, ৭০ টা সংগঠনত ৭০ টা মানুহ আছে ৷ এনেকুৱা সংগঠনো আছে য'ত দুই তিনিজন ব্যক্তি আছে ৷ সেয়ে ৭০ টা সংগঠনক আমি ভয় নাখাও ৷ আনহাতে সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ সৃষ্টি হোৱা জুবিন গাৰ্গ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই ৷ ৰাজপথত আন্দোলন কৰিলেই নহ'ব ৷ জুবিনে উচিত সময়ত উচিত সিদ্ধান্ত লৈছে বুলি মত প্ৰকাশ কৰে পীযূষ হাজৰিকাই ৷ উল্লেখ্য যে, জাগীৰোডত অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীত মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত কংগ্ৰেছ, অগপ আৰু ছাত্ৰ সন্থাৰ ৬২৭ গৰাকী নেতা-কৰ্মীয়ে যোগদান কৰে গেৰুৱা দলত ৷

লগতে পঢ়কঃ গোলকগঞ্জত বৃহৎ সংখ্যক চোৰাং গৰু জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.