ETV Bharat / state

Morigaon mob lynching case : আঁহতগুৰিত মৰেল পুলিচিঙৰ ঘটনাৰ লগত তিনিজনক আটক

আঁহতগুৰিৰ মৰেল পুলিচিঙৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে তিনিগৰাকী অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷ তাৰে দুগৰাকী মহিলা আৰু এজন যুৱক বুলি জানিব পৰা গৈছে ৷ ধৃত যুৱক কংকন বৰাই ৰহাৰ এক বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক অসীম ছেত্ৰীক আক্ৰমণ কৰি মোবাইল কেমেৰা কাঢ়ি লৈছিল ৷

3 DETAINED
আঁহতগুৰিত মৰেল পুলিচিঙৰ ঘটনাৰ লগত তিনিজনক আটক
author img

By

Published : Jul 27, 2023, 10:34 PM IST

আঁহতগুৰিত মৰেল পুলিচিঙৰ ঘটনাৰ লগত তিনিজনক আটক

মৰিগাঁও, 27 জুলাই : মৰিগাঁও জিলাৰ আঁহতগুৰিত মৰেল পুলিচিঙৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ আঁহতগুৰিৰ মৰেল পুলিচিঙৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে তিনিগৰাকী অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷ তাৰে দুগৰাকী মহিলা আৰু এজন যুৱক বুলি জানিব পৰা গৈছে ৷ ধৃত যুৱকজন কংকন বৰা বুলি জানিব পৰা গৈছে ৷ কংকন বৰাই ৰহাৰ এক বৈদ্যুতিন সংবাদ মাধ্যমৰ ‍সাংবাদিক অসীম ছেত্ৰীক আক্ৰমণ কৰি মোবাইল কেমেৰা কাঢ়ি লৈছিল ৷ আনকি দুখনকৈ দুচকীয়া বাহন জ্বলাই দিছিল অভিযুক্তকেইটাই ৷

অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ঘোষণাৰ পাছতে মৰিগাঁও আৰক্ষীয়ে ক্ষীপ্ৰ গতিত তদন্ত কৰি ইতিমধ্যে উক্ত ঘটনাৰে জড়িত ৫ জনকৈ লোকক আটক কৰিছে ৷ আটকাধীন লোককেইজন যোগেশ্বৰ দাস, বাবুলি দাস, অজিত দাস, কমলেশ্বৰ দাস, ছত্ৰসিংহ দাস বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে 24 জুলাই, সোমবাৰে নিশা মৰিগাঁও জিলাৰ সমীপৰ আঁহতগুৰিত গৰু চোৰৰ সন্দহত তিনিজন নিৰীহ যুকক গণ প্ৰহাৰ কৰি এজন হত্যা কৰিছিল উত্তেজিত জনতাই ৷ এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো শিলগুটিৰে আক্ৰমণ কৰিছিল উত্তেজিত ৰাইজে ৷ ফলত কেইবাগৰাকী আৰক্ষী আহত হোৱাৰ বিপৰীতে আৰক্ষীৰ বাহনৰ ক্ষতিগ্ৰস্ত হৈছিল ৷

ইয়াৰ পিচতে অঞ্চলটোত অসম আৰক্ষী শীৰ্ষ বিষয়াসকল উপস্থিত হৈ দোষীসকলক চিনাক্ত কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব বুলি বৰবৰীবাসী ৰাইজক আশ্বাস দিছিল ৷ সেই অনুসৰি বুধবাৰে মূল অভিযুক্ত পাঁচজনক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহস্পতিবাৰে দুগৰাকী মহিলাসহ আন এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ প্ৰকৃততে গৰু চোৰ বুলি সন্দেহ কৰা যুৱককেইজনে কাবাদী খেল চাই ঘৰলৈ উভতাৰ পথতে এই নিকৃষ্ট ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: Morigaon Mob lynching: গণ প্ৰহাৰত নিহত ছাদ্দাম হুছেইনৰ বাসগৃহত জিলা আয়ুক্ত দেবাশীষ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.