ETV Bharat / state

10 হাজাৰ ছাত্ৰ প্ৰতিনিধিক আপ্যায়নৰ বাবে 1 লাখ লাড়ু-পিঠা প্ৰস্তুত, আছুৰ কেন্দ্ৰীয় অধিৱেশনক লৈ উদুলি-মুদুলি মৰিগাঁও - 18th AASU annual conference held in Morigaon

সাজু হৈ উঠিছে মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ ৷ 21-23 নৱেম্বৰলৈ অনুষ্ঠিত হ’ব আছুৰ কেন্দ্ৰীয় অষ্টাদশ অধিৱেশন ৷

aasu annual conference held in morigaon
10 হাজাৰ ছাত্ৰ প্ৰতিনিধিক আপ্যায়নৰ বাবে 1 লাখ লাড়ু-পিঠা প্ৰস্তুত
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:56 PM IST

10 হাজাৰ ছাত্ৰ প্ৰতিনিধিক আপ্যায়নৰ বাবে 1 লাখ লাড়ু-পিঠা প্ৰস্তুত

মৰিগাঁও, 15 নৱেম্বৰ: মাজত মাত্ৰ আৰু দুটা দিন ৷ তাৰ পাচতে মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত আৰম্ভ হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অষ্টাদশ অধিৱেশন ৷ ইতিমধ্যে সাজু কৰি তোলা হৈছে অধিৱেশস্থলী ৷ 21,22 আৰু 23 নৱেম্বৰত অনুষ্ঠিত হ’ব লগা আছুৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে লৈ সাজু হৈ উঠিছে আদৰণি সমিতিও ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা 10 হাজাৰ ছাত্ৰ প্ৰতিনিধিক আদৰিবলৈ সাজু হৈ উঠিছে আদৰণি সমিতি ৷ বিভিন্ন প্ৰান্তৰ পৰা অহা সংগঠনটোৰ ছাত্ৰ প্ৰতিনিধিসকল যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ শিবিৰৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে মূল মণ্ডপ, ৰভাঘৰ, শিবিৰ, ভোজনালয়, বাণিজ্য মেলাৰ স্থান, গ্ৰন্থমেলা, শ্বহীদ বেদী, পতাকা উত্তোলন বেদী আদিৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ৷

এই সন্দৰ্ভত আদৰণি সমিতিৰ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই কয়, ‘‘ মৰিগাঁৱৰ যুৱতী, মহিলা, আত্মসহায়ক গোট প্ৰস্তুত কৰিছে প্ৰায় 1 লাখ লাড়ু-পিঠা ৷ যাতে 10 হাজাৰ লোকক থলুৱা খাদ্যৰে আপ্যায়ন কৰিব পাৰি তাৰ বাবেও বিশেষ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে ৷ এইক্ষেত্ৰত মৰিগাঁৱৰ প্ৰতিজন লোকে বিভিন্ন প্ৰকাৰেৰে আমাক সহায় সহযোগিতা কৰিছে ৷’’

ইফালে আছুৰ বয়সৰ ক্ষেত্ৰত মৰিগাঁও অধিৱেশনতে কিছু নীতি নিয়ম গ্ৰহণ কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শৰ্মাই কয়, ‘‘ দুলীয়াজানৰ অধিৱেশনত যি সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্ত অনুসৰিয়ে নিয়মীয়াকৈ আছুৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছে ৷ বয়সৰ বিষয়টো সম্পূৰ্ণ সাংগঠনিক বিষয় ৷ অধিৱেশনত কি সিদ্ধান্ত লয় সেয়া এতিয়াও স্পষ্ট নহয় ৷’’

লগতে পঢ়ক:বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহেৰে মৰিগাঁৱত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.