ETV Bharat / state

বিদ্যালয়ৰ সাজতে আঘোনৰ পথাৰত এজাক দাৱনিৰ ৰূপত মাজুলীৰ শিক্ষাৰ্থী

author img

By

Published : Dec 15, 2020, 1:32 PM IST

বিদ্যালয়ৰ সাজতে আঘোনৰ পথাৰত ধান দোৱাত ব্যস্ত মাজুলীৰ এজাক শিক্ষাৰ্থী ৷ ছাত্ৰীসকলৰ দলটোৱে পথাৰত ধান দাই কৃষক ৰাইজক সহায় কৰিছে ধান চপোৱাত ৷ শিক্ষাৰ্থীক পাঠ্যপুথিৰ শিক্ষাৰ মাজতে সীমাবদ্ধ নাৰাখি ব্যৱহাৰিক জ্ঞানেৰে দীক্ষিত কৰি তোলাৰ উদ্দেশ্যে মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই লৈছে এই ব্যতিক্ৰমী পদক্ষেপ ৷

students on paddy field in majuli
বিদ্যালয়ৰ সাজতে আঘোনৰ পথাৰত এজাক দাৱনিৰ ৰূপত মাজুলীৰ শিক্ষাৰ্থী

মাজুলী, 15 ডিচেম্বৰ: শিক্ষাৰ্থীক কেৱল পাঠ্যপুথিৰ শিক্ষাৰ মাজতে সীমাবদ্ধ নাৰাখি ব্যৱহাৰিক শিক্ষাৰেও দীক্ষিত কৰি তোলাৰ উদ্দেশ্যে মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ বিদ্যালয় কৰ্তৃপক্ষৰ এই ব্যতিক্ৰমী পদক্ষেপৰ অংশ হিছাপে এতিয়া মাজুলীৰ মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সকল আঘোণৰ পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে ৷

ব্যৱহাৰিক শিক্ষাৰেও দীক্ষিত কৰি তোলাৰ উদ্দেশ্যে বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী পদক্ষেপ

কৃষক ৰাইজ খেতি চপোৱাত ব্যস্ত থকাৰ মাজতে মাজুলিৰ পথাৰৰ এই বিশেষ দৃশ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ শিক্ষকসকলৰ তত্বাবধানত বিদ্যালয় খনৰ ছাত্ৰী সকলে কাঁচিৰে ধান কাটি পথাৰৰ পৰা সোণগুটি বুটলাৰ এই দৃশ্যই সকলোৰে মন জয় কৰিছে ৷

বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে ছাত্ৰ ছাত্ৰী সকলক পাঠ্যপুথিৰ শিক্ষাৰ মাজতে সীমাবদ্ধ নাৰাখি ব্যৱহাৰিক কামৰ সৈতে পৰিচিত কৰাই দিয়াৰ উদ্দেশ্যে মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই বহু আগৰে পৰা এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ এইবাৰো দুখীয়া কৃষক ৰাইজক কিছু পৰিমানে সহায় কৰি সকাহ দিয়াৰ উদ্দেশ্যে বিদ্যালয়খনৰ ছাত্ৰী সকলক ধান দাবলৈ শিকাইছে বিদ্যালয় কৰ্তৃপক্ষই ৷

ইতিমধ্যে এই সংঘৱদ্ধ প্ৰচেষ্টাৰ জৰিয়তে ছাত্ৰী সকলে অঞ্চলটোৰ ভালেমান ব্যক্তিৰ ঘৰৰ ধান চপোৱাত বিশেষভাৱে সহায় কৰিছে ৷ ছাত্ৰ ছাত্ৰী সকলক পাঠ্যপুথিৰ শিক্ষাৰ মাজতে সীমাবদ্ধ নাৰাখি এনেবোৰ কামৰ লগতো চিনাকী কৰাই দিয়াত বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ লগতে সকলো কৰ্মচাৰীৰ প্ৰশংসা কৰিছে মাজুলীৰ সাধাৰণ লোকে ৷

লগতে পঢ়ক:হালধীয়া আস্বাদনে আৱৰি ধৰিছে মাজুলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.