মাজুলী,30 ডিচেম্বৰ: সত্ৰীয়া সংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলি ৷ গুৰুজনাৰ অমৰ কৃষ্টিৰ দ্বাৰা বিশ্ব দৰবাৰত উজ্বলি উঠিবলৈ সক্ষম হৈছে মাজুলি ৷ ইয়াৰ সমান্তৰালকৈ যথেষ্ট চৰ্চিত মাজুলিৰ মৃৎ শিল্পও ৷ মাজুলীৰ শালমৰাৰ মৃৎ শিল্প হৈছে অসমৰ এবিধ উল্লেখযোগ্য লোক-কলা ৷ সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই কলাৰে জড়িত। অসমৰ মৃৎ শিল্পজাত সামগ্ৰীৰ এক তৃতীয়াংশ চাহিদা পূৰণ কৰে শালমৰা অঞ্চলৰ মৃৎ শিল্পই ৷
মৃৎ শিল্পজাত সামগ্ৰী নিৰ্মাণৰ বাবে কুমাৰ মাটিৰ সন্ধানত কুমাৰসকলে বোঁৱতী সুঁতিৰ কাষত ৩০ৰ পৰা ৪০ ফুট দ' গাঁত খান্দে আৰু এই গাঁতত বাহৰ জখলাৰে নামি গৈ মাটি তোলে ৷ তুলি অনা মাটিখিনি ডাঠ আঠালেতীয়া গুণটো নাইকিয়া কৰি কলহ-টেকেলি গঢ়াৰ উপযোগী কৰিবৰ বাবে মাটিখিনিত 'খোলনি' দিয়া হয়। পিছত 'আফৰি'ৰে ঘূৰাই 'চোঁচনি'ৰে চোঁচাৰ পিছত শেলাই খুৱাই এই মাটিৰ পাত্ৰসমূহৰ আকাৰ ঠিক কৰি লোৱা। এইদৰে গঢ়া মাটিৰ কেঁচা বাচন ৰ'দত শুকুৱাই অলপ টান কৰাৰ পিছত 'পিটোনে'ৰে পিটি আৰু 'মাজনি'ৰে মাজি পুনৰ ৰ'দত দিয়া হয়।
ইয়াৰ পাছত আৰম্ভ হয় ৰং দিয়াৰ প্ৰক্ৰিয়া। পেঘালীত পোৰণ কাৰ্য হ'ল মাটিৰ পাত্ৰ এটি ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ একেবাৰে অন্তিমটি পৰ্যায়। ভালদৰে শুকোৱা পাত্ৰবোৰ গোলাকাৰ পেঘালীত এক বিশেষ আৰ্হিৰে মেজিৰ আকৃতিত সজাই পাত্ৰবোৰৰ মাজে মাজে থকা খালী ঠাইত শুকান কাঠ-বাঁহৰ টুকুৰা আৰু সম্পূৰ্ণ ঘেৰটোৰ কাষে কাষে পুৰণি ভঙা কলহ-টেকলিৰ টুকুৰা দি খেৰেৰে ঢাকি দিয়া হয়। খেৰৰ ওপৰত গোবৰ মাটিৰ লেপ দিয়া হয়। পেঘালীত প্ৰায় ১২ ঘণ্টামান এক নিৰ্দিষ্ট উষ্ণতাত পাত্ৰসমূহ পোৰা হয়।
শালমৰাৰ এই মাটিৰ টেকেলি উজনিৰ পৰা নামনিলৈ বিক্ৰী কৰাৰ বাবে নিয়া হয় ৷ প্লাষ্টিকজাত সামগ্ৰী বৰ্জন কৰি এই সমূহ মাটিৰে নিৰ্মিত পাত্ৰ ব্যৱহাৰ কৰি আমি প্ৰকৃতিক সুৰক্ষা প্ৰদানৰ লগতে মৃৎ শিল্পৰে জড়িত এইসকল লোককো কিছু পৰিমাণে আৰ্থিক সকাহ প্ৰদান কৰিবলৈ সক্ষম হম ৷
লগতে পঢ়ক-অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে