ETV Bharat / state

অপেক্ষাৰ অন্ত পৰিল মাজুলীবাসীৰঃনিৰ্মাণ হ'ব মাজুলী-যোৰহাট সংযোগী দলং - গড়কাপ্তানী আয়ুক্ত

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল মাজুলীবাসীৰ ৷ শনিবাৰে মাজুলীবাসীৰ বহু আকাংক্ষিত সপোন মাজুলী-যোৰহাট সংযোগী দলঙৰ বিশেষ মাংগলিক কাৰ্যৰে দক্ষিণপাটত আৰম্ভ হ'ল কাৰিকৰী কাৰ্য ৷ অহা ১৮ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিও কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভ কৰিব দলং নিৰ্মাণৰ কাম ৷

MAJULI  JORHAT  BRIDGE
অপেক্ষাৰ অন্ত পৰিল মাজুলীবাসীৰঃনিৰ্মাণ হ'ব মাজুলী-যোৰহাট সংযোগী দলং
author img

By

Published : Feb 13, 2021, 5:23 PM IST

মাজুলী,13ফেব্ৰুৱাৰী: দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল মাজুলীবাসীৰ ৷ কাৰণ শনিবাৰে মাজুলীবাসীৰ বহু আকাংক্ষিত সপোন মাজুলী-যোৰহাট সংযোগী দলঙৰ বিশেষ মাংগলিক কাৰ্যৰে দক্ষিণপাটত আৰম্ভ হ'ল কাৰিকৰী কাৰ্য ৷ এই শুভক্ষণৰ সাক্ষী হৈ ৰ'ল দক্ষিণপাটবাসী ৷ দক্ষিণপাটৰ কলিতা গাঁৱৰ দক্ষিণপাট পঞ্চায়তৰ সমীপত ৰাষ্ট্ৰীয় পথ বিভাগৰ গড়কাপ্তানী আয়ুক্ত,মুখ্য অভিযন্তাসহ বহুকেইগৰাকী শীৰ্ষ বিষয়াৰ এটা দল উপস্থিত থাকে এই মাংগলিক কাৰ্যত ৷

অপেক্ষাৰ অন্ত পৰিল মাজুলীবাসীৰঃনিৰ্মাণ হ'ব মাজুলী-যোৰহাট সংযোগী দলং

তদুপৰি দলটোৱে মাংগলিক কাৰ্য সম্পন্ন কৰি দক্ষিণপাট পাৰঘাটৰ পুৰণা স্থান পৰিদৰ্শন কৰাৰ পাছত দক্ষিণপাট কলিতা গাঁৱত নিৰ্মাণ কৰা অস্থায়ী কাৰ্যালয়ত দলং নিৰ্মাণ সম্পৰ্কীয় বিভাগীয় আলোচনাত মিলিত হয় । উল্লেখ্য যে, অহা ১৮ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিও কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভ কৰিব দলং নিৰ্মাণৰ কাম ৷ ৯২৫ কোটি টকাৰে ৪ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া দলঙখনৰ দৈৰ্ঘ 8 কিঃমিঃ ৷ আনহাতে, এই দলঙখন নিৰ্মাণ কৰিব ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচনে ৷

লগতে পঢ়কঃ চন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.