মাজুলী,২০ মাৰ্চ: সমগ্ৰ ৰাজ্যতে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি অব্যাহত থকাৰ সময়তে পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শনিবাৰে মাজুলীতো প্ৰতিবাদী বাইক ৰেলী উলিয়াই জিলা ছাত্ৰ সন্থাই ।
গড়মূৰৰ পৰা কমলাবাৰীলৈ শতাধিক বাইকেৰে উলিওৱা ৰেলীত অংশ লয় মাজুলী জিলা ছাত্ৰ সন্থাৰ ডেৰ শতাধিক কৰ্মকৰ্তাই । নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবী জনায় সংগঠনটোৱে । কোনো কাৰণতে এই 'কা' মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে আছু কৰ্মীসকলে ।
লগতে পঢ়ক: কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন