ETV Bharat / state

আৰ্থিক দৈন্যতাক নেওচি মাজুলীত জিলিকিল ৰাহুল শীল

author img

By

Published : Jun 6, 2020, 5:23 PM IST

দেওবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩.৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ মাজুলীৰ ৰাহুল শীল নামৰ এজন মেধাবী ছাত্ৰ। আৰ্থিক দৈন্যতাকো নেওচি ৰাহুল শীলে পৰিয়ালৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত আনন্দিত অঞ্চলবাসী ।

ৰাহুল শীল
আৰ্থিক দৈন্যতাক নেওচি মাজুলীত জিলিকিল ৰাহুল শীল

মাজুলী, ৬ জুনঃ দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে ৷ কেৱল শিক্ষাকে জীৱনৰ ব্ৰত হিচাপে লৈ সুখ্যাতি অৰ্জন কৰি তাকেই প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ ৰাহুল শীলে ৷ দেওবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাজুলীৰ নতুন বজাৰস্থিত সঞ্জীৱ শীল আৰু অৰ্পনা শীলৰ একমাত্ৰ পুত্ৰ ৰাহুল শীলে ডিষ্টিংচন অধিকাৰ কৰাত অঞ্চলটোত এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ ৰাহুলে অসমীয়াত ৮৭,ইংৰাজীত ৯৭,সাধাৰণ গণিতত ৯৭,সাধাৰণ বিজ্ঞানত ৯২,সমাজ বিজ্ঞানত ৯৫ আৰু ঐচ্ছিক গণিতত ৯৩ নম্বৰসহ মুঠ ৫৬১ নম্বৰ লাভ কৰে ৷

উল্লেখ্য যে,ৰাহুল শীলৰ পিতৃ সঞ্জীৱ শীলে নতুন বজাৰত সৰু এখন চাহৰ হোটেল দি পৰিয়াল পোহপাল দি আহিছে ৷ যাৰ বাবে ৰাহুলে আজৰি সময়ত দেউতাকক হোটেলৰ কামত সহায় কৰি আহিছে ।

আনহাতে,দৰিদ্ৰ পৰিয়ালটোৰ মেধাৱী ছাত্ৰ ৰাহুলৰ সাফল্যত অঞ্চলবাসীৰ লগতে পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙিছে যদিও আৰ্থিক অনাতনৰ বাবে ছাত্ৰ গৰাকীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাত পিতৃ-মাতৃ সমস্যাৰ সন্মুখীন হ'ব বুলিও মত ব্যক্ত কৰে । আনহাতে, ভৱিষ্যতে বিজ্ঞান শাখাত নামভৰ্তি কৰি অভিযন্তা হ'ব বিচাৰে ৰাহুল শীলে ।

লগতে চাওকঃ প্ৰথম স্থান প্ৰাপ্ত ইয়ামিন আলীৰ পঢ়াৰ দায়িত্ব গ্ৰহণ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.