মাজুলী,5 অক্টোবৰ: এফালে মুখ্যমন্ত্ৰীৰ কনভয়, আনফালে মুখ্যমন্ত্ৰী গ’ বেক ধ্বনি ৷ এয়া নদীদ্বীপ মাজুলীৰ সোমবাৰৰ পুৱাৰ দৃশ্য ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈছে মাজুলীত ৷ কেইবাটাও কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ খবৰ লাভ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দল কংগ্ৰেছে ৷ প্ৰতিবাদকাৰীসকলে উত্তৰ প্ৰদেশৰ হাসৰথ ধৰ্ষণকাণ্ড আৰু অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বাছনি পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ তদন্তৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ইফালে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ উদ্দেশ্যে মোতায়েন কৰা হয় বৃহৎসংখ্যক আৰক্ষীৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ৷ প্ৰতিবাদকাৰীসকলে বেৰিকেড ভঙাৰ চেষ্টা চলাই উত্তাল কৰি তোলে পৰিৱেশ ৷
লগতে চাওকঃ কামপুৰত অব্যাহত বানৰ তাণ্ডৱ