ETV Bharat / state

ভাদ মাহৰ প্ৰথমটো দিনতে হৰি নামৰ ধ্বনিত মুখৰিত হ’ল ৰাজ্য

author img

By

Published : Aug 18, 2021, 10:42 PM IST

আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ ৷ ভাদ মাহৰ প্ৰথমটো দিনতে নাম-কীৰ্তনেৰে মুখৰিত হ’ল সত্ৰ নগৰী মাজুলী আৰু শিৱসাগৰৰ আকাশ বতাহ ৷

AS_SVR_18TH_AUG_803_BHADO_MAH_AS10042
ভাদ মাহৰ প্ৰথমটো দিনতে হৰি নামৰ ধ্বনিত মুখৰিত হ’ল ৰাজ্য

শিৱসাগৰ, মাজুলী, 18 আগষ্ট : আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদ মাহ ৷ অসমীয়া সমাজত ভাদ মাহৰ এক বিশেষ মৰ্যাদা আৰু গুৰুত্ব আছে । এই ভাদ মাহতে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ দুই পুৰোধা ব্যক্তি শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি হোৱাৰ লগতে শ্ৰীকৃষ্ণ আৰু শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি । সেয়েহে অসমীয়া শংকৰী সমাজে এই মাহটোক অতি পৱিত্ৰ জ্ঞান কৰি সমগ্ৰ মাহটোত ভক্তি ৰসত বিলীন হয় ।

বিগত বছৰৰ ভাদ মাহটো অসমীয়া সমাজে আড়ম্বৰপূৰ্ণভাৱে পালন কৰিব নোৱাৰাৰ সমান্তৰালকৈ এইবাৰো ভাদ মাহৰ ভক্তিৰসত যতি পৰিছে । ইয়াৰ ব্যতিক্ৰম নহয় শিৱসাগৰো । শিৱসাগৰ নগৰৰ সমীপৰ বানমুখৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱ থানত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় ভাদ মহীয়া নামৰ । ক'ভিড প্ৰ’টকলৰ মাজত শ্ৰী শ্ৰী নিত্যানন্দদেৱ থান পৰিচালনা সমিতিৰ উদ্যোগত বুধবাৰে আয়োজন কৰা নাম-প্ৰসংগ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন আৰু ধর্ম ধ্বজা উত্তোলনৰে শুভাৰম্ভ কৰা হয় ৷

বহু জাগ্ৰত ঐতিহাসিক শ্ৰী শ্ৰী নিত্যানন্দদেৱ থান উজনিৰ এক উল্লেখযোগ্য থান । এই থানত সেৱা ল'বলৈ প্ৰতি বছৰে বহু ভক্তৰ সমাগম হয় ।

লগতে পঢ়ক : কামৰূপ মহানগৰত ১৮ বছৰৰ উৰ্ধৰ সকলোৰে বাবে ক’ভিড প্ৰতিষেধক

বুধবাৰৰ পৰা আৰম্ভ হোৱা এই নাম সম্পূৰ্ণ ভাদ মাহ জুৰি চলিব । লোকবিশ্বাস আছে যে, এই থানত ভক্তই চাকি-বন্তি, নৈব্যদৰে সেৱা জনালে মনোকামনা পূৰ্ণ হয় । সেয়েহে প্ৰতি বছৰে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে থানখনত বিদেশী পর্যতকো দেখিবলৈ পোৱা যায় ৷ ক’ভিডৰ বাবে চৰকাৰী নতুন নীতি-নিৰ্দেশনা অনুসৰি পুৱা আৰু বিয়লি সমগ্ৰ ভাদ মাহজুৰি নাম কীৰ্তনেৰে ঐতিহাসিক থানখন মুখৰিত হৈ থাকিব বুলি জানিবলৈ দিছে থান পৰিচালনা সমিতিয়ে ।

সমান্তৰালকৈ, মাজুলীত আজিৰ পৰা আৰম্ভ হৈছে ভদীয়া কীৰ্ত্তন । কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে মাজুলীৰ আকাশ বতাহ । বুধবাৰৰ পৰা মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা নিশা দুপৰলৈ চৈধ্য প্ৰসংগ, খোল-তাল-বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ থাকিব ।

কভিড-১৯ৰ বাবে প্ৰশাসনৰ নীতি-নিৰ্দেশনা মানি ভদীয়া কীৰ্তন অনুষ্ঠিত কৰা হৈছে । এই পৱিত্ৰ ভাদমাহত মহাপুৰুষ দুজনা, গুৰু বদলা পদ্ম আতা আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমি পালন কৰা হয় সত্ৰ আৰু নামঘৰত । মাজুলীৰ ৩৫ খন সত্ৰ, চাৰি শতাধিক নামঘৰ বুধবাৰৰে পৰা মুখৰিত হৈ থাকিব হৰি নাম কীৰ্তনেৰে ।

মাজুলী নতুন কমলাবাৰী, উত্তৰ কমলাবাৰী, ভোগপুৰ আদি কেইবাখনো সত্ৰত শংকৰদেৱ, মাধৱদেৱ আৰু বদলা পদ্ম আতাৰ তিথি চাৰিদিনিয়াকৈ পালন হ’ব । মহাপুৰুষ বদলা পদ্ম আতাৰ তিৰোভাৱ তিথি আজি পালন কৰা হৈছে উত্তৰ কমলাবাৰী নতুন কমলাবাৰী ভোগপুৰ সত্ৰত ।

লগতে পঢ়ক : ভৱেশ কলিতাই ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ নতুন সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.