ETV Bharat / state

মন্ত্ৰী, বিধায়কে নিৰাশ কৰা বিশেষভাৱে সক্ষম কিশোৰলৈ জুবিনৰ সঁহাৰি - বিহপুৰীয়াৰ বিধায়ক

"মন্ত্ৰী, বিধায়কতকৈ বেছি দৰদী জুবিন গাৰ্গ৷"-এই কথা কান্দি কান্দি ক'লে এজন বিশেষ ভাৱে সক্ষম ১৩ বছৰীয়া কিশোৰৰ মাতৃয়ে৷

মন্ত্ৰী, বিধায়কে নিৰাশ কৰা বিশেষভাৱে সক্ষম কিশোৰলৈ জুবিনৰ সঁহাৰি
author img

By

Published : Sep 1, 2019, 4:36 AM IST

বিহপুৰীয়া,31আগষ্টঃ "মন্ত্ৰী, বিধায়কতকৈ বেছি দৰদী জুবিন গাৰ্গ৷"-এই কথা কান্দি কান্দি ক'লে এজন বিশেষ ভাৱে সক্ষম ১৩ বছৰীয়া কিশোৰৰ মাতৃয়ে৷ কিশোৰজন ধলপুৰ দকুৱাৰ দুৰ্লভ বৰুৱা ৷ ২০১৭ চনত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ যোৱা এগৰাকী দুৰ্ভগীয়া মাতৃক বিমুখ কৰিলে মন্ত্ৰীৰ ব্যক্তিগত সহকাৰীয়ে৷ লগ কৰিবলৈ নিদিলে মন্ত্ৰীক৷

মন্ত্ৰী, বিধায়কে নিৰাশ কৰা বিশেষভাৱে সক্ষম কিশোৰলৈ জুবিনৰ সঁহাৰি

কেৱল সেইয়াই নহয়, বিহপুৰীয়াৰ বিধায়কৰো কাষ চাপিছিল দুৰ্ভগীয়া পৰিয়ালটো৷ কিন্তু কেৱল ২০ হাজাৰ টকা দিম বুলি কথা দিয়েই বিধায়ক দেৱানন্দ হাজৰিকাই সামৰিলে সমষ্টিৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা৷ শেষত জুবিন গাৰ্গৰ এষাৰি মাতে হাঁহি বিৰিঙাইছে মাতৃৰ লগতে পৰিয়ালটিৰ মুখত৷ শুকুৰবাৰে জুবিন গাৰ্গে কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে উপস্থিত হৈছিল নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত৷ ইফালে জুবিন বুলিলেই হাঁহি বিৰিঙা কিশোৰজনক মাতৃয়ে লৈ গ'ল জুবিনক ওচৰৰ পৰা দেখুৱাবলৈ৷ আনহাতে জুবিনে মঞ্চলৈ মাতি নি কিশোৰজনক সহায়ৰ প্ৰতিশ্ৰুতি দিলে ৷ জুবিনৰ দৰে এজন শিল্পীৰ এই সঁহাৰিয়ে এতিয়া হাঁহি বিৰিঙাইছে পৰিয়ালটোৰ মুখত ৷

Intro:মন্ত্ৰী, বিধায়কতকৈ বেছি দৰদী জুবিন গাৰ্গ৷
এই কথা কান্দি কান্দি ক'লে এটি বিশেষ ভাৱে সক্ষম ১৩ বছৰীয়া কিশোৰৰ মাতৃয়ে৷
২০১৭ চনত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ যোৱা এগৰাকী দুৰ্ভগীয়া মাতৃক বিমুখ কৰিলে মন্ত্ৰীৰ ব্যক্তিগত সহকাৰীয়ে৷ লগ কৰিবলৈ নিদিলে মন্ত্ৰীক৷

কিশোৰজন ধলপুৰ দকুৱাৰ৷ উন্নত চিকিৎসাৰ বাবে যাব লাগে ৰাজস্থানলৈ৷

আশাহত হৈ চকুত চকুলো লৈ দিব্যাংগ শিশু দুৰ্লভ বৰুৱাক বুকুত বান্ধি ঘৰলৈ উভতি আহিল মাতৃ দীপা বৰুৱা৷
কেৱল সেইয়াই নহয়, বিহপুৰীয়াৰ বিধায়কৰো কাষ চাপিছিল দুৰ্ভগীয়া পৰিয়ালটো৷ কিন্তু কেৱল ২০ হাজাৰ টকা দিম বুলি কথা দিয়েই বিধায়ক দেৱানন্দ হাজৰিকাই সামৰিলে সমষ্টিৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা৷
শেষত জুবিন গাৰ্গৰ এষাৰি মাতে হাঁহি বিৰিঙাইছে মাতৃৰ লগতে পৰিয়ালটিৰ মুখত৷
কালি জুবিন গাৰ্গ কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে আহিছিল নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়লৈ৷ জুবিন বুলিলেই কিশোৰটিৰ ওঁঠত বিৰিঙে হাঁহি৷ ভালপায় জুবিনৰ 'জানো জানো' শীৰ্ষক গীতটিৰ লগতে সকলো গীত৷ সেয়েহে মাতৃয়ে কোলাত বান্ধি লৈ গ'ল জুবিনক ওচৰৰ পৰা দেখুৱাবলৈ৷ জুবিন গাৰ্গে সেই দৃশ্য দেখি মঞলৈ মাতি নি কাষতে বহুৱাই চকলেটো খুৱাই দিলে কিশোৰটিক৷ লগতে দিলে সহায়ৰ প্ৰতিশ্ৰুতি৷ লৈ গ'ল কিশোৰটিৰ পৰিয়ালৰ যোগাযোগৰ নম্বৰ৷ সহায়ৰ কথা পিছৰ, কিন্তু জুবিন গাৰ্গৰ দৰে এজন শিল্পীৰ এই সঁহাৰিয়ে কৈ গ'ল বহু কথা৷ কিশোৰটিৰ মাতৃয়েও আমাৰ সন্মুখত কৰিলে জুবিন বন্দনা৷
এইয়াই জুবিন, অনন্য জুবিন৷ Body:মন্ত্ৰী, বিধায়কতকৈ বেছি দৰদী জুবিন গাৰ্গ৷

এইয়াই জুবিন, অনন্য জুবিন৷ Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.