ETV Bharat / state

ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে উত্তৰ প্ৰদেশত অধ্যাপনা লখিমপুৰৰ মহিলাৰ

author img

By

Published : Aug 22, 2021, 8:07 PM IST

লখিমপুৰ জিলা উপায়ুক্তৰ তদন্তত উন্মোচন হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ভুৱাকৈ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ লৈ উত্তৰ প্ৰদেশৰ বসন্ত মহিলা মহাবিদ্যালয়ত অধ্যাপনা কৰি আহিছিল লখিমপুৰৰ এগৰাকী মহিলাই ৷

women-appointed-as-a-professor-in-uttar-pradesh-with-fake-caste-certificate
ভূৱা জাতিগত প্ৰমাণ পত্ৰৰে উত্তৰ প্ৰদেশত অধ্যাপনা লখিমপুৰৰ মহিলাৰ

লখিমপুৰ, 22 আগষ্ট : অৱশেষত সঁচা প্ৰমাণিত হ'ল লখিমপুৰ জিলাৰ অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ অভিযোগ ৷ জাতিগত প্ৰমাণ পত্ৰ জালিয়াতি কৰি উত্তৰ প্ৰদেশৰ বসন্ত মহিলা মহাবিদ্যালয়ত অধ্যাপিকাৰ পদত নিযুক্তি লাভ কৰিছিল লখিমপুৰৰ নকাৰীৰ লুনামণি দাসে ৷ লখিমপুৰৰ উপায়ুক্তৰ তদন্তত উন্মোচিত হৈছে এই বিস্ফোৰক তথ্য ৷ অধ্যাপিকা গৰাকী এম অ’ বি চি(MOBC) যদিও এছ চি (SC)ৰ জাতিগত প্ৰমাণ পত্ৰ লৈ উত্তৰ প্ৰদেশৰ বসন্ত মহিলা মহাবিদ্যালয়ত অধ্যাপনা কৰি আছিল তেওঁ ৷

ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে উত্তৰ প্ৰদেশত অধ্যাপনা লখিমপুৰৰ মহিলাৰ

অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ অভিযোগৰ ভিত্তিত অৱশেষত লখিমপুৰৰ জিলা উপায়ুক্তই তদন্ত কৰি লুনামণি দাসৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ নাকচ কৰে ৷ যুৱ ছাত্ৰ সন্থাই দেওবাৰে লখিমপুৰত এক সংবাদ মেল যোগে সদৰি কৰে এই তথ্য ৷ উল্লেখ্য যে, সমগ্ৰ ৰাজ্যত দুহেজাৰৰো অধিক অনা অনুসূচীত লোকে ভুৱাকৈ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ লৈ সৰু বৰ চাকৰি কৰি থকাৰো অভিযোগ সন্থাটোৰ ৷ কেইবাজনো ৰাজপত্ৰিত বিষয়াইও ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি কৰি আছে বুলি ক্ষোভ উজাৰে সংগঠনটোৱে ৷

ইয়াৰ লগতে লখিমপুৰত কেইবাখনো মহাবিদ্যালয়ত ভুৱাকৈ জাতিগত প্ৰমাণ পত্ৰ লৈ কেইবাজনেও অধ্যাপনা কৰাৰো অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷

লগতে তেওঁলোকৰ বিৰুদ্ধে চিআইডিৰ তদন্ত অব্যাহত থকাৰ কথা সদৰি কৰিছে যুৱ ছাত্ৰ সন্থাই ৷ ৰাজ্যজুৰি থকা এনে ভুৱা প্ৰমাণ পত্ৰ ধাৰী সকলক তেওঁলোকৰ প্ৰমাণ পত্ৰ সমুহ ত্যাগ কৰাৰ দাবী জনাই অন্যথা তেওঁলোক কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলিও সকিয়নী দিছে সংগঠনটোৱে ৷ আনহাতে যিসকল বিষয়ববীয়াই ভুৱাকৈ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ অনা অনুসূচীত জাতিৰ লোকক দি আহিছে তেওঁ লোককো সৰ্তক বাণী শুনাইছে সংগঠনটোৱে ৷

ৰাজ্যৰ সকলো জিলাতে অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰ বিৰুদ্ধে এক আন্দোলন গঢ় দিয়া হ'ব বুলিও সংগঠনটোৰ নেতৃত্বই সকলোকে সকীয়াই দিছে ৷

লগতে পঢ়কঃ শ্ৰীশ্ৰী আউনীআটী সত্ৰই স্থাপন কৰিব বিশ্বমুখী বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.