লখিমপুৰ, ২৯ মে’: "চুৰি কৰাটো উত্তম বিদ্যা-ধৰা পৰিলে শিলৰ খুন্দা ৷" অসমীয়া সমাজত প্ৰচলিত এই আপ্তবাক্য ফাকি প্ৰায়েই ফলিয়াই আহিছে । তাৰ মাজতো অভিযানত সফল হয় বহু চোৰ । টকা-পইচা, গহনা-গাঁঠৰি, সা-সম্পত্তি লুট কৰি নিৰ্বিঘ্নে পলাই সাৰিবলৈ সক্ষম হয় একাংশ চোৰ ।
ধৰা পৰি শিলৰ খুন্দা খোৱা নাইবা টকা-পইচা লৈ সফলভাৱে চাফাই অভিযান চলোৱা এই দুই ধৰণৰ চোৰৰ উপৰি আৰু এক শ্ৰেণীৰ চোৰ আছে । যাক দুৰ্কপলীয়া বুলি ৰাইজে আখ্যা দিছে । এই শ্ৰেণীৰ চোৰে অভিযান সফলভাৱে চলায় ঠিকেই, কিন্তু বস্তু চিনাত ভুল কৰে । ওৰে নিশা কষ্ট কৰি চুৰি কৰাৰ পাছত তেনে চোৰৰ হাতত পৰে কেৱল মূল্যহীন সামগ্ৰী । যাৰ বাবে সফলভাৱে চুৰিৰ অভিযান চলায়ো তেওঁলোক লাভবান নহয় ।
লখিমপুৰত শনিবাৰে নিশা তেনে এক ঘটনাই সংঘটিত হ’ল (Theft in Lakhimpur)। লখিমপুৰৰ লালুকত একে নিশাই তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত হাত দিলে চোৰে(Theft at Laluk in Lakhimpur) ।
টিনপাত আৰু চিলিং কাটি চোৰে চলালে ছাফাই অভিযান । পিছে আচল ম’বাইল বুলি ডেম' ম’বাইলকে লুটি লৈ গ'ল চোৰে । যিখিনি ডেম’ ম’বাইল ফোন কেৱল শিশুৰ খেলনা সামগ্ৰী ৰূপেহে চোৰে ব্যৱহাৰ কৰিব পাৰিব । ওৰে নিশা কষ্ট কৰাৰ পাছত হাতত ডেম’ ম’বাইল লৈ ওলাই যোৱা দুৰ্কপলীয়া চোৰকেইটাৰ বাবে ৰাইজে দুখহে প্ৰকাশ কৰিছে ।
পিছে চোৰ কেইটাৰ ইমান দুৰ্ভাগ্য দেখাৰ পাছতো আৰক্ষীৰ বেয়া লগা নাই । তেওঁলোকক ধৰিবলৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষী ।
লগতে পঢ়ক: চীনৰ পৰা অসম চৰকাৰে পিপিই কিট ক্ৰয় কৰাটো এক জীয়া ফাঁকি : ৰাইজৰ দল