ETV Bharat / state

লখিমপুৰৰ চেইন্ট মেৰীজ স্কুলৰ ভূমি বেদখলৰ অভিযোগ

author img

By

Published : Apr 1, 2022, 10:38 AM IST

সত্ৰৰ ভূমি বেদখলৰ পাচত এইবাৰ বেদখল হৈছে বিদ্যালয়ৰ ভূমি (School Land Enchrochment) ৷ জানিব পৰা মতে, এইবাৰ ভূমি বেদখলৰ কবলত পৰিছে লখিমপুৰৰ চেইন্ট মেৰীজ স্কুল ৷ এই অভিযোগ তুলিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে ৷

লখিমপুৰৰ চেইন্ট মেৰীজ স্কুলৰ ভূমি বেদখলৰ অভিযোগ
লখিমপুৰৰ চেইন্ট মেৰীজ স্কুলৰ ভূমি বেদখলৰ অভিযোগ

লখিমপুৰ, ১ এপ্ৰিল : এইবাৰ ভূমি বেদখলৰ কবলত পৰিছে লখিমপুৰৰ চেইন্ট মেৰীজ স্কুল (Land encrochment at St Mary's School, Lakhimpur) । এই অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ । বৃহস্পতিবাৰে বিয়লি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত এই অভিযোগ তোলে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে ।

তেওঁ উত্থাপন কৰা অভিযোগ অনুসৰি, ১৯৬৬ চনতে লখিমপুৰত আৰম্ভ কৰা এই বিদ্যালয়খনে ১৯৯৩ চনত ৰেজিষ্টাৰ দলিলৰ জৰিয়তে নোমল ভূঞা নামৰ এজন লোকৰ পৰা ৩ বিঘা ৩ কঠা ৪ লোচা মাটি ক্ৰয় কৰিছিল । সেই সময়তে বিদ্যালয়খন আন্তঃগাঁঠনি কিছু উন্নত কৰা হয় যদিও আৰ্থিক নাটনিৰ বাবে দ হৈ থকা মাটিখিনিৰ এটা অংশ বেৰ নিদিয়াকৈ ৰখা হৈছিল ।

সম্প্ৰতি বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শাখাৰ বাবে লাভ কৰিছে অনুমোদন ৷

যাৰ বাবে নতুনকৈ বিদ্যালয়খনৰ ভৱনটো নিৰ্মাণৰ প্ৰস্তুতি কৰোতে বিদ্যালয়খনৰ ভূমি বেদখল হোৱাটো ধৰা পৰে (Land encroachers in Lakhimpur) । ধৰ্মকান্ত গগৈয়ে তোলা অভিযোগ মতে, বিদ্যালয়খনে সেই সময়ত বেৰ নিদিয়াকৈ ৰখা প্ৰায় ৬ কঠা মাটি বৰ্তমান কেইবাজনো লোকে বেদখল কৰিছে । সত্যজিৎ বৰুৱা নামৰ এজন লোকে ২ কঠাতকৈয়ো অধিক মাটি অতি কৌশলেৰে মণ্ডল, কাননগো, চক্ৰ বিষয়াৰ সহযোগত নিজৰ নামত নামজাৰি কৰাই লৈছে ।

এই সন্দৰ্ভত জিলা উপায়ুক্তই হস্তক্ষেপ কৰি বিদ্যালয়খনৰ মাটি বেদখল মুক্ত কৰিবলৈ ধৰ্মকান্ত গগৈয়ে এই সংবাদ মেলৰ জৰিয়তে জিলা উপায়ুক্তক আহ্বান জনায় । অন্যহাতে এই কেলেংকাৰিৰ সৈতে জড়িত আটাইকেইজন মণ্ডল, কাননগো আৰু চক্ৰ বিষয়াৰ বিৰুদ্ধে সংগঠনটোৱে আইনৰ দ্বাৰস্থ হ’ব বুলিও এই সংবাদ মেলত মন্তব্য কৰে ধৰ্মকান্ত গগৈয়ে ।

লগতে পঢ়ক : Satra Land Enchrochment : সত্ৰৰ ভূমি বেদখলকাৰীলৈ জাননী জাৰিৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.