ETV Bharat / state

নাৰায়ণপুৰত কৃষকৰ সপোন কাঢ়িছে চৰহা পোকে

author img

By

Published : Jul 27, 2021, 8:42 PM IST

ধান খেতিত চৰহা পোকৰ উপদ্ৰৱ ৷ মাৰাত্মক কীটে নষ্ট কৰিছে সেউজীয়া কৃষি ভূমি ৷ পানীত হাঁহ নচৰা অৱস্থা নাৰায়ণপুৰৰ কৃষকসকলৰ ৷

sorha insects in paddy field
খেতিত চৰহা পোকৰ উপদ্ৰৱ

বিহপুৰীয়া,27 জুলাই: শুৰ পোকৰ পাচত এতিয়া চৰহা পোকৰ তাণ্ডৱ ৷ চৰহা পোকৰ কবলত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিস্তীৰ্ণ অঞ্চল ৷ কৃষকৰ মাজত লাগিছে হাহাকাৰ ৷ কাৰণ ভূতৰ ওপৰত দানহ পৰাদি পৰিছে চৰহা পোক ৷

বান, কৰ’ণা আতংকৰ মাজতেই এতিয়া কৃষকক কন্দুৱাইছে চৰহা পোকে ৷ ধূসৰ ভৱিষ্যতৰ কথা ভাবি মূৰে-কপালে হাত দিয়া অৱস্থা হৈছে অঞ্চলটোৰ দুৰ্ভগীয়া কৃষকসকলৰ । ৰাজ্যৰ কেইবাখনো জিলাত এতিয়া চৰহা পোকে খেতি পথাৰত চলাইছে তাণ্ডৱ লীলা ৷ নাৰায়ণপুৰটো শ শ বিঘা কৃষি পথাৰ নষ্ট কৰিছে চৰহা পোকে ৷

খেতিত চৰহা পোকৰ উপদ্ৰৱ

কৃষিকৰ্মকে একমাত্ৰ জীৱিকাৰ পথ হিচাপে গ্ৰহণ কৰি অহা দুৰ্ভগীয়া কৃষকৰ খবৰ ল’বলৈ আহৰি নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

লগতে পঢ়ক: কোনে নুমুৱাব ধৰমতুলত জ্বলি থকা ভোকৰ জুই ?

নাৰায়ণপুৰ ঢলপুৰৰ ডকুৱাৰ কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই শালিধানৰ খেতি কৰিছিল ৷ কিন্তু কাঁইটীয়া এবিধ চৰহা পোকৰ উপদ্ৰৱত মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত কৃষি বিভাগে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰা বুলি অভিযোগ তুলিছে কৃষকসকলে । আনহাতে, কৃষকসকলৰ দুৰ্দশা সন্দৰ্ভত কৃষি বিভাগক বাৰম্বাৰ অৱগত কৰা হৈছে ৷

insects destroy in paddy field
নাৰায়ণপুৰত কৃষকৰ সপোন কাঢ়িছে চৰহা পোকে

এই পৰ্যন্ত কৃষকসকলৰ দুৰ্দশাৰ বিষয়ে খবৰ ল’বলৈ আহৰি পোৱা নাই কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী বিশেষকৈ গ্ৰামসেৱকসকলে ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাই বিভাগীয় কৰ্তৃপক্ষক ৷ লগতে ধাননি পথাৰত পোকৰ আক্ৰমণৰ পৰা মুক্ত কৰিবলৈ তথা ঔষধৰ ব্যৱস্থা কৰিবলৈ উপযুক্ত কৃষি বিভাগৰ ওচৰত দাবী উত্থাপন কৰে ভুক্তভোগী কৃষকসকলে ।

লগতে পঢ়ক: পয়ালগা স্বাস্থ্য বিভাগ : জহি-খহি যোৱাৰ উপক্ৰম বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.