ETV Bharat / state

Shri Shri Madhavdev Kalakhetra: বুধবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ

অসমৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ, প্ৰসাৰ, অধ্যয়ন, চৰ্চা, গৱেষণাৰ এক অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ । অহা 10 মে’ অৰ্থাৎ কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব নৱনিৰ্মিত মাধৱদেৱ কলাক্ষেত্ৰ (CM will inaugurate Shri Shri Madhavdev Kalakhetra ) ৷

author img

By

Published : May 9, 2023, 6:00 PM IST

Shri Shri Madhavdev Kalakhetra will inauguration at Bihpuria
10 মে’ত মুকলি হ’ব শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ

বিহপুৰীয়া, ৯ মে' : পঞ্চদশ শতিকাৰ অসমক একতাৰ ডোলেৰে বান্ধি ৰখা, গোটেই ভাৰতৰ সমজাক ঐক্যবদ্ধ কৰা, শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য শ্ৰী শ্ৰী মাধৱদেৱক সুঁৱৰি নিৰ্মাণ কৰি থকা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে (Shri Shri Madhavdev Kalakhetra will inauguration) ৷ অহা 10 মে’ অৰ্থাৎ কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব নৱনিৰ্মিত মাধৱদেৱ কলাক্ষেত্ৰ (CM will inaugurate Shri Shri Madhavdev Kalakhetra ) ৷

বদলা পদ্মআতাই প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰক সাংস্কৃতিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰি আৰম্ভ কৰা হৈছিল শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য ৷ নাৰায়ণপুৰত প্ৰতিষ্ঠা কৰা এই সত্ৰখনেই পৰৱৰ্তী সময়ত হৈ পৰিছিল অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ অন্যতম মূল কেন্দ্ৰস্থল । সত্ৰখনৰ স্বৰূপ অক্ষুণ্ণ ৰাখি ৪৪ বিঘা মাটিত কলাক্ষেত্ৰখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল ।

সত্ৰখনক কেন্দ্ৰস্থল হিচাপে লৈ আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । বদলা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দানসূত্ৰে আগবঢ়োৱা ৪৪ বিঘা মাটিত ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা হৈছে শিশু উদ্যান, সংগ্ৰহালয়, ৫০০ আসনযুক্ত প্ৰেক্ষাগৃহ, কলাকৃষ্টি ভৱন, এহেজাৰ আসনযুক্ত মুকলি প্ৰেক্ষাগৃহ, পাণ্ডুলিপি ভৱন, অতিথিশালা, ভোজনগৃহ, ৰাজহুৱা শৌচালয়, ১৭৫ খন গাড়ী ৰাখিবপৰাকৈ পাৰ্কিং ক্ষেত্ৰ ৷

উল্লেখ্য যে, ২০০৭ চনৰ ২৩ মাৰ্চত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাধবদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ তৰুণ গগৈ চৰকাৰে প্ৰথম পৰ্যায়ত আৱণ্টন দিয়া ৫ কোটি টকাৰে প্ৰায় ২০% শতাংশ নিৰ্মাণকাৰ্য আগবঢ়াৰ পাচত ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ ৷ ২০১৯ চনৰ ১৬ আগষ্টত তেতিয়াৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বদলা সত্ৰৰ প্ৰাংগণত উপস্থিত হৈ কলাক্ষেত্ৰখনৰ কাম ক্ষীপ্ৰগতিত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ৩৪ কোটি টকা আৱন্টন দিছিল ৷

ইয়াৰোপৰি কলাক্ষেত্ৰখনৰ সম্পূৰ্ণ আৰ্হি প্ৰস্তুত কৰি উপস্থিত ৰাইজৰ সম্মুখত প্ৰদৰ্শন কৰিছিল ৷ ২০২০ চনৰ ৪ জুনত পুনৰ ড৹ হিমন্ত বিশ্ব শৰ্মা মাধৱদেৱ কলাক্ষেত্ৰত উপস্থিত তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিছিল ৷

এই প্ৰকল্পটোক State Priority Project হিচাপে গ্ৰহণ কৰা বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ কলাক্ষেত্ৰখন পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিক দি যোৱাবছৰেই মুকলিৰ প্ৰয়াস চলাইছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল ৷ শেহতীয়াকৈ আৰ্হি অনুসৰি কলাক্ষেত্ৰখন নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাত কাইলৈ ৰাইজৰ বাবে মুকলি কৰি দিব ।

লগতে পঢ়ক: Assam govt 2 years anniversary : কাইলৈ দুবছৰীয়া হ’ব ৰাজ্যৰ বিজেপি চৰকাৰৰ

কলাক্ষেত্ৰখন ৰাইজৰ বাবে এতিয়াও মুকলি কৰা হোৱা নাই যদিও ইতিমধ্যেই দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে । মূল সত্ৰৰ কোনো ক্ষতি নোহোৱাকৈ সম্পূৰ্ণ কৰা হয় নিৰ্মাণ কাৰ্য । পূৰ্বৰ দৰেই অক্ষত অৱস্থাত আছে সত্ৰৰ কীৰ্তন ঘৰ, আতা গৃহ, সত্ৰাধিকাৰৰ, বৈষ্ণৱৰ বহা আদি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.